২৮ আগষ্টৰ পৰা আৰম্ভ হৈছে পেৰিছ পেৰাঅলিম্পিক্স৷ এইবাৰ ২৫টা পদকৰ লক্ষ্যমাত্ৰা ৰখা হৈছে৷ এই পদক জয়ৰ বাবে এথলিটসকলে পূৰ্ণগতিত চলাইছে প্ৰস্তুতি৷ এইবাৰ পেৰাঅলিম্পিক্সত অংশ ল’বলৈ আগবাঢ়িছে ভাৰতীয় এথলিট মানসী যোশীয়ে৷ পেৰাঅলিম্পিকত তেওঁ বেডমিণ্টন খেলত অংশগ্ৰহণ কৰিব৷
মাত্ৰ ২২ বছৰ বয়সত এখন ভৰি হেৰুৱাইছিল মানসীয়ে৷ এখন ভৰি হেৰুওৱা মানসীৰ পেৰা অলিম্পিক যাত্ৰা কোনো কাৰণতেই সহজ নহয়৷ পেৰাঅলিম্পিকত যিমানে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰত্যেকৰে একোটা কলা অধ্যায় আছে৷ সেই সময় অতিক্ৰম কৰি সেই প্ৰতিবন্ধকতাক জয় কৰি তেওঁলোকে এই খেলত অংশগ্ৰহণ কৰিবলৈ আগুৱাই আহিছে৷
কেনেকৈ এখন ভৰি হেৰুৱাইছিল মানসীয়ে?
সময় ২০১১ চনৰ ডিচেম্বৰ মাহ৷ শুকুৰবাৰৰ দিন৷ সেইদিনাও অন্য দিনাৰ দৰেই ২২ বছৰ বয়সীয়া মানসীয়ে গ্ৰেজুয়েশ্ব্যন পাছ কৰি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে মুম্বাইৰ ইণ্ডিয়ান মেট্ৰোপৰিছত চাকৰি আৰম্ভ কৰিছিল৷ ঘৰৰ পৰা কাৰ্যালয়ৰ দূৰত্ব আছিল ৭ কিঃমিঃ৷ মানসীয়ে বাইকেলে যাতায়াত কৰিছিল৷ ২০১১ চনৰ ডিচেম্বৰ মাহৰ শুকুৰবাৰৰ দিনটোতো স্কুটি হৈ ঘৰৰ পৰা কাৰ্যালয়লৈ ৰাওনা হৈছিল মানসী৷ এখন ফ্লাইঅ্ৰাৰৰ তলেৰে ইউটাৰ্ণ লওঁতেই ঘটিল ঘটনা৷ সেই সময়ত তেওঁক এখন বাহনে খুন্দিয়াই দিয়ে৷ তেওঁ ৰাস্তাত চিটিকি পৰে আৰু বাহনখন তেওঁৰ ভৰিৰ ওপৰেৰে পাৰ হৈ যায়৷ দুৰ্ঘচনাৰ পাছত ৪৫ দিন তেওঁ হাস্পতালত ভৰ্তি হৈ থাকে৷ চিকিৎসকেও পাৰ্যমানে তেওঁৰ ভৰিখন ঠিক কৰাত গুৰুত্ব দিছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ অস্ত্ৰোপচাৰ কৰি তেওঁৰ ভৰিখন কাটি পেলাব লগা হয়৷ মানসীৰ পিতৃ এটমিক ৰিচাৰ্ছৰ বিজ্ঞাৱী আছিল৷ সংস্থাৰ মুম্বাইৰ কাৰ্যালয়ত কাম কৰিছিল পিতৃয়ে৷ তেওঁ বিচাৰিছিল কন্যাই তেওঁৰ দৰেই গৱেষণাৰ কাম কৰক৷ কিন্তু মানসীৰ ভৰি হেৰুৱাৰ পাছত অন্য এক আগ্ৰহে মনত ঠাই লয়৷ সেয়া হৈছে বেডমিণ্টন৷
মানসীয়ে এক সাক্ষাৎকাৰত কয়, ‘মই ফুটবল, বাস্কেটবল আৰু ভলীবল খেলিছো৷ মই গান, নাচ, আৰ্টো কৰিব পাৰো৷ এই সকলোবোৰৰ তুলনাত মোৰ প্ৰিয় বেডমিণ্টন৷ দেউতাৰ হাতত ধৰিয়েই মই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰিছিলো৷ দুৰ্ঘটনাৰ পাছৰ পৰা মই অন্য খেল বাদ দি কেৱল বেডমিণ্টন খেলিবলৈ ধৰো৷ আৰু সেইটোকেই পেছা হিচাপেও গ্ৰহণ কৰিবলৈ লও৷’ ২০১৯ চনত ছুইজাৰলেণ্ডত মানসীয়ে ইতিহাস ৰচনা কৰিছে৷
কেনেকৈ পেছাদাৰ এথলিট হৈ পৰে মানসী?
দুৰ্ঘটনাৰ পাছত মানসী মানসিকভাৱে ভাঙি নপৰিল৷ তেওঁৰ এই যুঁজত তেওঁৰ সাৰথী হয় কলেজত একেলগে থকা বন্ধুসকল৷ তেওঁ কয়. ‘মোৰ এবাৰো মন ভাঙি নপৰিল৷ মই ঘটনাৰ কিছুদিন পাছতেই নিজেই কৈ উঠিলো এয়া সাধাৰণ আঘাত৷’ ইয়াৰপাছতেই কৃত্ৰিম ভৰি লগাই যুঁজ আৰম্ভ কৰো৷ বেডমিণ্টনত আগুৱাই গ’ল মানসী৷ এইবাৰ পেৰাঅলিম্পিকত সুযোগ পাইছে মানসীয়ে৷ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ বৰ্তমানলৈকে ৭টা পদক অৰ্জন কৰিছে৷ ৪টা ব্ৰঞ্জ, ২টা ৰূপ আৰু এটা সোনৰ পদক তেওঁ অৰ্জন কৰিছে৷ এছিয়ান পেৰা গেমছত তেওঁ তিনিটা পদক জয় কৰিছে৷ এছিয়ান চেম্পিয়নশ্বিপত আহিছে এটা পদক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ