সুখবৰ! যদি আপোনাৰ ঘৰৰ LPG চিলিণ্ডাৰটো হঠাতে শেষ হৈ যায় তেন্তে এতিয়া আৰু আপুনি বেছি সময় অপেক্ষা কৰিব নালাগিব। গ্ৰাহকৰ সুবিধাৰ বাবে চৰকাৰী তেল কোম্পানী Indian Oil-এ Indane XTRALITE NOW নামৰ নতুন এক্সপ্ৰেছ ডেলিভাৰী সেৱা আৰম্ভ কৰিছে। এই সেৱাৰ অধীনত মাত্ৰ চাৰি ঘণ্টাৰ ভিতৰত আপোনাৰ ঘৰলৈ গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰা হ’ব। বৰ্তমান এই সেৱা পুনে, গুৰুগ্ৰাম, ইন্দোৰ আৰু কয়ম্বাটুৰত আৰম্ভ কৰা হৈছে। কোম্পানীটোৱে কয় যে আগন্তুক মাহত দেশৰ অন্যান্য চহৰলৈও ইয়াক সম্প্ৰসাৰণ কৰা হ’ব।
ইণ্ডিয়ান অইলে এই নতুন সেৱাৰ সমান্তৰালকৈ ১০ কিলোগ্ৰামৰ লঘু (কম্পোজিট) LPG চিলিণ্ডাৰো মুকলি কৰিছে। এই চিলিণ্ডাৰটো পৰম্পৰাগত লোহাৰ চিলিণ্ডাৰতকৈ লঘু হোৱাৰ বাবে ইয়াক পৰিবহণ কৰাটো সহজ হৈ পৰে। কোম্পানীটোৱে কয় যে এই নতুন চিলিণ্ডাৰটো বিশেষকৈ যিসকলক লঘু আৰু ব্যৱহাৰ কৰাত সহজ LPG চিলিণ্ডাৰৰ প্ৰয়োজন হয় তেওঁলোকৰ বাবে উপকাৰী হ’ব।
বুকিং কৰাৰ ৪ ঘণ্টাৰ ভিতৰত ডেলিভাৰী
এই নতুন সেৱাৰ মূল বৈশিষ্ট্য হ’ল গ্ৰাহকে এবাৰ গেছ চিলিণ্ডাৰ বুকিং কৰিলে চাৰি ঘণ্টাৰ ভিতৰত গ্ৰাহকৰ ঘৰলৈ পঠিয়াবলৈ চেষ্টা কৰা হ’ব। তদুপৰি গ্ৰাহকে নিজৰ সুবিধাৰ ওপৰত ভিত্তি কৰি ডেলিভাৰীৰ সময় বাছি ল’ব পাৰে। ইয়াৰ ফলত ডেলিভাৰীৰ বাবে গোটেই দিনটো অপেক্ষা কৰাৰ প্ৰয়োজন নাইকিয়া হব।
সহজ অনলাইন বুকিং পদ্ধতি
ইণ্ডিয়ান অইলে এই সেৱাৰ বাবে সম্পূৰ্ণ ডিজিটেল বুকিং ব্যৱস্থাও প্ৰৱৰ্তন কৰিছে। গ্ৰাহকে মোবাইল এপৰ জৰিয়তে বা অনলাইনযোগে সহজেই গেছ বুকিং কৰিব পাৰিব। কোম্পানীটোৱে কয় যে ইয়াৰ ফলত বুকিং প্ৰক্ৰিয়া সহজ হ’ব আৰু গ্ৰাহকে ডেলিভাৰীৰ সম্পূৰ্ণ তথ্য লাভ কৰিব। ইয়াৰ ফলত স্বচ্ছতা বৃদ্ধি পাব আৰু গ্ৰাহকৰ অভিজ্ঞতাও উন্নত হ’ব।
৫ কেজিৰ Indane Chhotu LPGৰো সুবিধা
ইণ্ডিয়ান অইলে কেৱল ১০ কেজি XTRALITE চিলিণ্ডাৰৰ বাবেই নহয়, ৫ কেজি Indane Chhotu LPG চিলিণ্ডাৰৰ বাবেও ৪ ঘণ্টীয়া এক্সপ্ৰেছ ডেলিভাৰী সেৱা আৰম্ভ কৰিছে। এই সৰু চিলিণ্ডাৰটো বিশেষকৈ সৰু পৰিয়াল, ছাত্ৰ-ছাত্ৰী, পথৰ কাষৰ বিক্ৰেতা, খাদ্যৰ দোকানৰ মালিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত জনপ্ৰিয়। এতিয়া, তেওঁলোকেও গেছ শেষ হ’লে বেছি সময় অপেক্ষা কৰিব নালাগিব।
গ্ৰাহকৰ কি লাভ হ’ব?
নতুন সেৱাৰ জৰিয়তে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী পূৰ্বতকৈ দ্ৰুত হ’ব। লঘু কম্পোজিট চিলিণ্ডাৰটো ব্যৱহাৰ কৰাত সহজ হ’ব আৰু গ্ৰাহকে তেওঁলোকৰ লগত খাপ খোৱাকৈ ডেলিভাৰীৰ সময় বাছি ল’ব পাৰিব। ইয়াৰ ফলত গেছ শেষ হ’লে দীঘলীয়া অপেক্ষা নাইকিয়া হ’ব, যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো অধিক সুবিধাজনক হ’ব।
Swiggy Instamart-এও আৰম্ভ কৰিছিল এই সেৱা
উল্লেখ্য যে ইয়াৰ পূৰ্বে Swiggy Instamart-এও হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ সৈতে ৩০ ৰ পৰা ৪৫ মিনিটৰ ভিতৰত ১০ কেজিৰ LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী সেৱাৰ আৰম্ভণি কৰিছিল। অৱশ্যে Swiggy Instamart-এ এই সেৱা প্ৰাৰম্ভিক পৰ্যায়ত কেৱল বাংগালুৰুতহে প্ৰৱৰ্তন কৰিছে আৰু এই পৰ্যন্ত দেশৰ আন আন চহৰলৈ ইয়াৰ সেৱা সম্প্ৰসাৰণ কৰা নাই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















