শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ
ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ ক্ৰিকেটাৰ শিখৰ ধাৱনে ২৪ আগষ্ট তাৰিখ শনিবাৰে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এটা ভিডিঅ’ পোষ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰিছিল খেলুৱৈগৰাকীয়ে। পাছে শিখৰ ধাৱনৰ অৱসৰৰ পাছত এতিয়া চৰ্চালৈ আহিছে অন্য কেইবাগৰাকী খেলুৱৈৰ নাম। যিয়ে সম্ভৱত কিছু দিনৰ ভিতৰতে অৱসৰৰ কথা ঘোষণা কৰিব পাৰে।
দীৰ্ঘদিন ধৰি দলত সুযোগ লাভ নকৰা এই খেলুৱৈ সকলে ভৱিষ্যতে আৰু দলত স্থান পোৱাৰ কোনো সম্ভাৱনা নাই। বৰ্তমানে দলে নতুন নতুন খেলুৱৈক স্থান দি আছে। তেনে ক্ষেত্ৰত পুৰণি বহু খেলুৱৈয়ে এতিয়া অৱসৰৰ কথা চিন্তা-চৰ্চা কৰিছে। কিয়নো দললৈ উভতা এতিয়া আৰু কঠিন। সেই খেলুৱৈ সকল –
পীয়ুষ চাওলা- ৩৫ বছৰীয়া পিয়ুষ চাওলা ২০১১ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল। কিন্তু শেষ বাৰৰ বাবে ২০১২ চনতেই ভাৰতীয় দলৰ হৈ খেলা দেখা গৈছিল পীয়ুষক। অৱশ্যে এতিয়াও আই পি এল খেলি আছে পীয়ুষে। ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ান দলৰ অংশ আছিল পীয়ুষ।
ঋদ্ধিমান সাহা- ধোনীৰ অৱসৰৰ পাছত ভাৰতীয় দলত উইকেটকীপাৰ হিচাপে বহু সুযোগ লাভ কৰিছিল ঋদ্ধিমানে। কিন্তু পাছলৈ কেৰিয়াৰ গ্ৰাফ তললৈ নামে। ৩৯ বছৰীয়া সাহাই ভাৰতৰ হৈ ৪০ খন টেষ্ট, ৯ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
ইশান্ত শৰ্মা- বেগী বলাৰ ইশান্ত এটা সময়ত ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল। কিন্তু বৰ্তমানে খেলুৱৈ হিচাপে কেৰিয়াৰ প্ৰায় শেষ ৩৫ বছৰীয়া ইশান্ত শৰ্মাৰ। ইশান্তে ভাৰতৰ হৈ ১০৫ খন টেষ্ট, ৮০ খন এদিনীয়া, ১৪ খন টি-২০ মেচ খেলিছে। টেষ্টত ৩১১ টা, এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ১১৫, টি-২০ ইণ্টাৰনেশ্যনেলত ৮ টা উইকেট দখল কৰিছিল।
উমেশ যাদৱ- বহু মাহ ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি থকা উমেশ সোঁহতীয়া বেগী বলাৰ আছিল। ২০২৩ চনৰ জুন মাহত শেষবাৰৰ দলৰ হৈ খেলা দেখা গৈছিল উমেশ যাদৱক। ৩৬ বছৰীয়া যাদৱে ভাৰতৰ হৈ ৪৭ খন টেষ্ট, ৭৫ খন এদিনীয়া, ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
ভুৱনেশ্বৰ কুমাৰ- প্ৰায় দুটা বছৰে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছে ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰ। ২০২২ চনত শেষবাৰৰ বাবে খেলিছল কুমাৰে। ২০১৩ চনৰ দেশৰ হৈ অভিষেক কৰা ভুৱনেশ্বৰে ২৯৪ টা উইকেট দখল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ