অসম লাইভ২৪ঃ ১৯৮৭ চনৰ আগষ্ঠ মাহ। সমগ্ৰ দেশজুৰি চলিছিল স্বাধীনতাৰ উৎসৱ। দিল্লীত চলিছিল ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি। কিন্তু তাৰ মাজত আছিল বিষাদৰ সুৰ। দেশে স্বাধীনতা লাভ কৰাৰ সময়খিনিতেই দেশৰ পশ্চিম আৰু পূৰ্ব প্ৰান্তৰ প্ৰদেশসমূহত চলিছিল সাম্প্ৰদায়িক সংঘৰ্ষ। প্ৰাণ ৰক্ষা কৰিবলৈ বা পৰিয়ালত থকা কন্যা, যুৱতী, মহিলাক ৰক্ষাৰ বাবে দুই দেশৰ সীমান্তত অসংখ্য ছিন্নমূল মানুহৰ অহা যোৱা চলিছিল। এই সকলোবোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিৰৱে থাকিও ভিতৰি ভিতৰি ভাঙি পৰিছিল। যাৰবাবে তেওঁ স্বাধীনতাৰ উৎসৱৰ পৰা নিৰৱে আঁতৰি আহিছিল। ভাগ ল’ব পৰা নাছিল স্বাধীনতাৰ উৎসৱত।
আগষ্ঠৰ ১২ তাৰিখে মোহন দাস কৰমচান্দ গান্ধী গুচি আহিছিল আমাৰ চুবুৰীয়া ৰাজ্য কলকাতা অভিমূখে। কলকাতাৰ ‘হায়দাৰি মঞ্জিল’ নামৰ ঘৰত আহি আশ্ৰয় লৈছিল মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধী কলকাতা আহি পোৱাৰ সময়তে পশ্চিমবংগৰ নোৱাখালিতো সংঘৰ্ষ চলি আছিল। উদ্বিগ্ন গান্ধীয়ে নোৱাখালিত যাবলৈ সাঁজু হৈছিল কিন্তু প্ৰশাসনে তেওঁক তালৈ যাবলৈ অনুমতি নিদিলে। তিনিদিন তেওঁ কলকাতাৰ সেই বিশেষ বাসগৃহটোতেই থাকিল। তিনিদিন পাছতেই দেশবাসীৰ বহু প্ৰতীক্ষিত স্বাধীনতা দিৱসো আহিল। সমগ্ৰ দেশৰ মানুহে সেইদিনা আনন্দত আত্মহাৰা। স্বাধীনতাৰ দিনটোক সকলোৱে উদযাপন কৰিছে। কিন্তু মহাত্মা গান্ধীয়ে এই উৎসৱত ভাগ নললে। আনন্দ অনুষ্ঠানত ভাগ লোৱাৰ পৰিবৰ্তে তেওঁ বিশেষ ঘৰটোত উপবাসে থাকি ঈশ্বৰত প্ৰাৰ্থনাহে কৰি থাকে।
প্ৰায় এমাহ সময় গান্ধীজীয়ে তাত আত্মগোপন কৰাৰ ধৰণেৰে থাকিল। ১২ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ সেই গৃহতেই থাকিল গান্ধীজী। তাৰপৰা তেওঁ নোৱাখালিলৈ যায়। কিন্তু নোৱাখালি যোৱাৰ পূৰ্বে গান্ধীজীয়ে ৭২ ঘণ্টীয়া অনশনো কৰিছিল। এই অনশনৰ কাৰণ আছিল দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মাত্ৰ কেইটামান মাহ হে জীয়াই আছিল গান্ধীজী। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে নামৰ আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাই স্বাধীনতা আন্দোলনৰ প্ৰধান নেতা মোহন দাস কৰম চান্দ গান্ধীয়ে।
গান্দীজীৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতি বিজড়িত বিভিন্ন স্থানত বহু সামগ্ৰী সংৰক্ষণ কৰা হৈছে। গান্ধীজীয়ে মৃত্যুৰ পূৰ্বে এমাহ থাকি যোৱা এই বাসগৃহটোও সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি পশ্চিম বংগ চৰকাৰক আবেদন কৰি আহিছিল বহুজনেই। পাছলৈ ২০১৮ চনৰ ২ অক্টোবৰত গান্ধীজীৰ জন্মদিনৰ সৈতে সংগতি ৰাখিয়েই এই বিশেষ ঘৰটোক ন ৰূপ দি ‘হেৰিটেজ বিল্ডিং’ হিচাপে ঘোষণা কৰে। সেই হেৰিটেজ ভৱনতেই গান্ধীজীৰ বিভিন্ন সময়ৰ ফটোৰ লগতে তেওঁৰ চিঠি আৰু বহু সামগ্ৰী সংৰক্ষণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ