অসম লাইভ২৪ঃ যিকোনো শুভ অনুষ্ঠানৰ পূৰ্বে গণেশক আৰাধনা কৰা হয়৷ এইবাৰ কিন্তু বিশ্বকৰ্মা পূজা গণেশ পূজাতকৈ আগেয়ে সম্পন্ন হৈছে৷ বিঘ্নহৰ্তা গণেশৰ পূজা কৰিলে ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধি, ধন-ধ্যান আৰু বৈভৱ বৃদ্ধি পায়৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী ১২ ৰাশিৰ মাজত কেইটামান ৰাশিৰ ওপৰতহে গণেশৰ আশীৰ্বাদ থাকে৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী গণেশৰ আশীৰ্বাদত আপোনাৰ জীৱনত সুখ বৃদ্ধি পাব৷ কোন কোন ৰাশিৰ জাতকৰ ওপৰত গণেশৰ কৃপা দৃষ্টি থাকিব, জানি থওক৷
মেষ ৰাশি
গণেশৰ প্ৰিয় ৰাশিৰ অন্যতম ৰাশি হ’ল মেষ৷ এই ৰাশিৰ অধিপতি হৈচে মঙ্গল৷ এই গ্ৰহ সাহস, পৰাক্ৰমৰ কাৰক গ্ৰহ৷ এই ৰাশিৰ জাতকৰ জীৱনত আত্মবিশ্বাসৰ অভাৱ নহয়৷ এওঁলোকৰ ওপৰত সকলো সময়তে গণেশৰ আশীৰ্বাদ থাকে৷ কঠিনৰ পৰা কঠিনতৰ কাম খুব সহজে কৰিব পাৰে এই ৰাশিৰ জাতকে৷ এই ৰাশিৰ ব্যক্তিয়ে প্ৰতিদিনেই গণেশ পূজা কৰিব পাৰে৷
মিথুন ৰাশি
এই ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে গণেশৰ আশীৰ্বাদ থাকে৷ বুধ এই ৰাশিৰ অধিপতি৷ বুধ ব্যৱসায়, বাণিজ্য আৰু বুদ্ধিৰ কাৰক গ্ৰহ৷ এই ৰাশিৰ জাতক অত্যন্ত তীক্ষ্নবুদ্ধিৰ হয়৷ যি কামতেই হাত নিদিয়ক কিয় তেওঁলোক সফল হয়েই৷ গণেশৰ আশীৰ্বাদত খুব শীঘ্ৰেই উন্নতি কৰে এই ৰাশিৰ জাতকে৷ মিথুন ৰাশিৰ জাতকে প্ৰতি বুধবাৰে গণেশ পুজা কৰি গণপতিক সেন্দুৰ নিবেদন কৰিব পাৰে৷
কন্যা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ জাতকসকলৰ ওপৰতো গণেশৰ আশীৰ্বাদ থাকে৷ বুধ এই ৰাশিৰো অধিপতি৷ বুধৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক বুদ্ধিমান আৰু ভাগ্যৱান হয়৷ তেওঁলোকৰ ওপৰত সৰ্বদা গণেশৰ কৃপাদৃষ্টি থাকে৷ নিজৰ বুদ্ধিৰ জোৰত জীৱনত প্ৰচুৰ উন্নতি কৰিব পাৰে এই ৰাশিৰ জাতকে৷ কন্যা ৰাশিৰ জাতকৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে বাবে টান কামো সহজে সমাধা কৰিব পাৰে৷ জীৱনত সহজে সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৰাশিৰ জাতকসকল৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ ওপৰতো গণেশৰ আশীৰ্বাদ থাকে৷ এই ৰাশিৰ জাতক পৰিশ্ৰমী আৰু খোলামনৰ হয়৷ চকু বন্ধ কৰি এনে লোকক বিশ্বাস কৰিব পাৰি৷ তীক্ষ্নবুদ্ধিসম্পন্ন হয় এই ৰাশিৰ জাতক৷ বিপৰীত পৰিস্থিতিতো বুদ্ধি আৰু বিচক্ষণতা প্ৰয়োগ কৰি কাম কৰিব পাৰে এই ৰাশিৰ জাতকে৷ মকৰ ৰাশিৰ জাতকৰ ওপৰত গণেশৰ ওপৰিও শনিৰ আশীৰ্বাদ থাকে৷ কোনো কাম সম্পূৰ্ণ কৰাৰ বাবে এওঁলোকে পৰিশ্ৰম কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ