শাৰদোৎসৱৰ ঠিক পূৰ্বেই গণেশ চতুৰ্থী৷ মা দুৰ্গাই মৰ্ত্যলৈ অহাৰ পূৰ্বেই ধৰণীত পূজিত হয় সিদ্ধিদাতা গণেশ৷ এই বছৰ দুৰ্গাপূজা আগুৱাই অহাৰ কাৰণে আগুৱাইছে গণেশ চতুৰ্থীও৷ সেই হিচাপত এইবাৰ গণেশ চতুৰ্থী কেতিয়া?
২৬ নে ২৭ আগষ্টত গণেশ পূজা?
স্কন্দপুৰাণত বৰ্ণিত নিয়ম অনুসৰি, ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত অনুষ্ঠিত হয় গণেশ চতুৰ্থী৷ কেলেণ্ডাৰৰ মতে এই বছৰ ২৭ আগষ্টত গণেশ চতুৰ্থী৷ পঞ্জিকা মতে এই তাৰিখৰ কিছু হেৰফেৰ আছে৷ জানি থওক গুপ্ত প্ৰেছ পঞ্জিকাত কি কৈছে?
বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে কেতিয়া পালিত হব পূজা?
বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ চতুৰ্থী তিথি৷
চতুৰ্থী তিথি আৰম্ভ হৈছে ৯ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৬ আগষ্ট মঙ্গলবাৰ৷ সময় দুপৰীয়া ১ বাজি ৫৬ মিনিট৷
চতুৰ্থী তিথি শেষ হব ১০ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৭ আগষ্ট বুধবাৰ৷ সময় হৈছে দুপৰীয়া ৩ বাজি ৪৫ মিনিট৷
গুপ্তপ্ৰেছ পঞ্জিকা মতে কেতিয়া পালিত হব পূজা?
গুপ্তপ্ৰেছ পঞ্জিকা মতেও চতুৰ্থী তিথি দুদিন আছে৷
চতুৰ্থী তিথি আৰম্ভ হ’ব ৯ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখ মতে ২৬ আগষ্ট মঙ্গলবাৰৰ দুপৰীয়া ১২ বাজি ৫২ মিনিট ৮ ছেকেণ্ডত তিথি আৰম্ভ হব৷
চতুৰ্থী তিথি শেষ হব ১০ ভাদত৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৭ আগষ্ট বুধবাৰে দুপৰীয়া ২ বাজি ১৮ মিনিট ৩১ ছেকেণ্ডত শেষ হব চতুৰ্থী তিথি৷
গণেশ পূজাৰ শুভ সময়?
দুই পঞ্জিকামতে দুদিন ধৰি তিথি হলেও পূজাৰ শুভ সময় ২৭ আগষ্টই৷ এই দিনটোত পুৱা ১১ বাজি ০৫ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৪০ মিনিট পৰ্যন্ত পূজাৰ শুভ সময় আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















