অসম লাইভ ২৪ঃ আদালতৰ মজিয়াতো সুৰক্ষিত নহয় বিচাৰৰ বাবে অহা ব্যক্তি৷ আজি দিল্লীৰ ৰোহিনী ক’ৰ্টত সংঘটিত এক গুলীয়াগুলীৰ ঘটনাৰ পাছতে উত্থাপন হৈছে এই প্ৰসংগ৷ বিচাৰৰ বাবে অহা ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গীৰ মৃত্যু ৰোহিনী ক’ৰ্টত৷ ৰোহিনী ক’ৰ্টত সংঘটিত এই গুলীয়াগুলীত প্ৰতিপক্ষৰ গুলীত নিহত হয় দিল্লীৰ ম’ষ্ট ৱাণ্টেড জিতেন্দ্ৰ গ’গী৷ আক্ৰমণত নিহত হয় মুঠ ৪ গৰাকী ব্যক্তি৷ আদালতলৈ শুনানীৰ বাবে অনা হৈছিল জিতেন্দ্ৰ গ’গীক৷ ঘটনাস্থলীত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ হস্তক্ষেপত নিয়ন্ত্ৰলৈ আহে পৰিস্থিতি৷ আৰক্ষীৰ গুলীত নিহত হয় দুই আক্ৰমণকাৰী৷ ঘটনাৰ পাছতেই আদালতৰ মজিয়াত সুৰক্ষা ব্যৱস্থাৰ প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ