ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসুস্থ দেহাৰেই ওলাই আহিল গৰিমা শইকীয়া গাৰ্গ৷
ভোটদান কৰি সংবাদমাধ্যমৰ আগত গৰিমা গাৰ্গে কয়-
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো৷
এইবাৰ জুবিন নাই৷ অকলে আহিছো, গা খুবেই বেয়া৷
কিন্তু এয়া গণতান্ত্ৰিক অধিকাৰ সেয়া সাব্যস্ত কৰিবলৈ আহিলো৷
জুবিন গাৰ্গৰ ন্যায়ো আমি বিচাৰো, সোনকালে জুবিনে যাতে ন্যায় পায়৷
জুবিন গাৰ্গৰ ভগ্নীয়েও সংবাদমাধ্যমৰ আগত নিজৰ মত ৰাখিছে৷
সকলোৱে নিজৰ বিবেকৰ সৈতে ভোট দিয়ক৷
আপোনাৰ ভোটে এখন সুস্থ সমাজ গঢ়াত সহায়ক হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















