অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াত একাংশ প্ৰযোজক, পৰিচালকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অসমৰ জনপ্ৰিয় ফেশ্যন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ। এটি ফেচবুক প’ষ্টযোগে প্ৰকাশ কৰে অসমৰ অভিনয় জগতৰ কিছু ক’লা অধ্যায়। নিজৰ স্বাৰ্থৰ বাবে শিল্পীৰ জীৱনৰ সৈতে খেলা কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশ প্ৰযোজক, পৰিচালকে। বিগত কিছুদিনত এনে কেইবাটাও ঘটনাৰ সাক্ষী হৈছে গৰিমা। ফেচবুক প’ষ্টযোগে গৰিমা শইকীয়া গাৰ্গে লিখে-
‘আজি কালি অসমীয়া মেগা(?) serial ৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে ভগৱান বুলি ভাবিবলৈ লৈছে । স্বনামধন্য (?) এই দুই এজন ব্যক্তিয়ে হয়তো আন এজন ব্যক্তিৰ সময়,নিষ্ঠা আৰু কামৰ প্ৰতি থকা আগ্ৰহ,ভক্তিক আজিলৈকে উপলব্ধি কৰা নাই আৰু কৰি চাবও বিচৰা নাই । perfectionist ৰ বেশ ধৰি পোন্ধৰ দিন, এমাহ, দুমাহলৈকে এটা কামৰ বাবে বিস্তৃত ভাৱে কথা পাতি, কথা দি, সকলো ধৰণেৰে প্ৰস্তুতি কৰোৱাই এজন শিল্পীক শেষ মুহূৰ্ত্তত নাকচ কৰি একেবাৰে হতাশ কৰি কেনে ধৰণৰ পাশবিক আনন্দ(?) পায় বুজি নাপাওঁ । শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যায় দেখি । এগৰাকী শিল্পীয়ে যেতিয়া এটা চৰিত্ৰ নিজৰ কৰি লয়, আৰু সেই চৰিত্ৰটোক ( মানে আন এজন ব্যক্তিক) নিজৰ মাজত ধাৰণ কৰি জীয়াবলৈ লয়, তাৰ পিছত হঠাৎ এদিন কোনো কাৰণ নোহোৱাকৈ সেই ব্যক্তিজনক হত্যা কৰি পেলাব লগা হোৱাটো কিমান কষ্টকৰ হʼব পাৰে ,এবাৰ উপলব্ধি কৰি চাইনে তেওঁলোকে ? আনৰ সময়বোৰ, আশাবোৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে বুলি যদি তেওঁলোকে ভাবি লৈছে, তেন্তে এইটো ও মনত ৰখা উচিত যে সময়ৰ হাতত তেওঁলোকো এদিন পুতলা হৈ নাচিব লগা হʼব পাৰে । গতিকে আনৰ সময়, নিষ্ঠা আৰু আশাবোৰক গচকি কোনেও কিন্তু ফুলেৰে পথ সজাব নোৱাৰে.. মনত ৰাখিব’ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















