• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

2 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

5 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

6 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

6 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

7 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

7 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

8 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

10 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

10 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

11 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

11 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

11 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

editor by editor
April 19, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃও সেই সমষ্টিৰেই সাংসদ আছিল। পুত্ৰইয়ো সেই সমষ্টিৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। জয়-পৰাজয় জনতাই নিৰ্ণয় কৰিব। কিন্তু পিতৃৰ আদৰ্শকেই সৰোগত কৰি এই যুঁজত অৱতীৰ্ণ হোৱাৰ কথা আকৌ এবাৰ সোঁৱৰিছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। পুৱাই ভোটগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কৰিছে বিশেষ মন্তব্য।

গৌৰৱে কয়, ‘দেউতাৰ ফটোত শ্ৰদ্ধাজ্ঞলি দি, দেউতাৰ আদৰ্শকে সৰোগত কৰি ভোটগ্ৰহণৰ বাবে ওলাই আহিছো। মই ভোটগ্ৰহণ কৰিলো। অসমৰ প্ৰতিজন জনতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। মোৰ মা শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীত আছে, তেওঁ ভোটগ্ৰহণৰ বাবে আহিব নোৱাৰিলে। মই হাৰিম-জিকিম সেয়া ৰাইজে নিৰ্ণয় কৰিব। কিন্তু আপোনালোকে আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ সাবস্ত্য কৰক।’

গৌৰৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱা যোৰহাট সমষ্টিৰ পৰা তেওঁৰ পিতৃও নিৰ্বাচিত হৈছিল। ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাট সমষ্টিৰ সাংসদ হিচাপে আছিল।  তাৰপিছতেই কলিয়াবৰৰ সাংসদ হৈছিল তৰুণ গগৈ। পুত্ৰ গৌৰৱেও ২০১৯ চনত কলিয়াবৰৰ পৰা নিৰ্বাচিত হৈ সাংসদ হিচাপে দিল্লীত ভৰি থৈছে। এইবাৰ গৌৰৱে পিতৃ সাংসদ হোৱা আনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে।

গৌৰৱ এইবাৰ নিৰ্বাচিত হৈ দিল্লীলৈ যাব নে নাযায় সেয়া নিৰ্ণয় কৰিব যোৰহাটবাসীয়ে। কিন্তু ইয়াৰ পূৰ্বে জানি থওক বিগত কাৰ্যকালত সাংসদ হৈ গৌৰৱে কি কি কৰিলে? সদনত সৰৱ গৌৰৱক অসমৰ এজন যোগ্য প্ৰতিনিধি হিচাপে শাসক-বিৰোধী সকলোৱে স্বীকাৰ কৰে। তেওঁৰ বাকপটুততা আৰু সৰলতাই মানুহৰ মন জয় কৰে সেয়া কোনো কাৰণতে কোনো নুই কৰিব নোৱাৰে।

২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ নিৰ্বাচিত হৈছিল। ২০১৯ৰ ২৩মে’ত আৰম্ভ হোৱা সাংসদৰ কাৰ্যকাল অন্ত পৰে ২০২৪ৰ ১২ফেব্ৰুৱাৰীত। বিগত ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ আছিল ৭৬শতাংশ।  বিগত ৫বছৰীয়া কাৰ্যকালত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল।গৌৰৱ গগৈয়ে ১০ফেব্ৰুৱাৰী ২০২৪ত সদনত শেষৰটো বিতৰ্কত অংশ লৈছিল। ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এই বিৰ্তক কৰিছিল।

গৌৰৱ গগৈয়ে সদনত অংশ লোৱা উল্লেখযোগ্য বিৰ্তকসমূহ হৈছে, ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্ব্যন এক্ট বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিবৰ্তন শীৰ্ষক বিতৰ্ক। ২০২২ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিতৰ্ক,  ৰাজ্যৰ যুৱচামে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, ‘কা’ আন্দোলনত মৃত্যু হোৱা যুৱকৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগত সদনত সৰৱ আছিল গৌৰৱ গগৈ।

২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদনত প্ৰদান কৰা বক্তব্য দেশবাসীয়ে শুনে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ অৰ্থনীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যুক্তিনিষ্ঠ বক্তব্যই ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে এইবাৰ গৌৰৱ কলিয়াবৰত নাই। সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত ভোটৰ জনবিন্যাস সলনি হ’ল। কলিয়াবৰ সমষ্টি লুপ্ত হ’ল। নতুনকৈ সৃষ্টি হ’ল কাজিৰঙা লোকসভা সমষ্টি। সেয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে গৌৰৱ গগৈ। এই নিৰ্বাচনী যুঁজ গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিবনে সেৱা সময়ে ক’ব। এজন যোগ্য প্ৰতিনিধি সদনলৈ অসমৰ পৰা যাব লাগে বুলিও বহু সচেতন লোকৰ মত। সেই সচেতন ব্যক্তি অৱশ্যে কোন সেই কথা কোনোৱে স্পষ্টৰূপত কোৱা নাই। ভোটাধিকাৰ সাব্যস্ত কৰি  যোগ্য সাংসদ দিল্লীলৈ পঠিওৱাৰ দায়িত্ব এতিয়া কেৱল  ভোটাৰ সমাজৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
Next Post
ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.