ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দলে বলে ওলাই আহিছে জনতা। আজি গণতন্ত্ৰৰ উৎসৱ। অৱশ্যে এই উৎসৱত ভাগ ল’বলৈ আপোনাক লাগিব এখন আই ডি কাৰ্ড। ভোটাৰ আই ডি অবিহনে আপুনি ভাগ ল’ব নোৱাৰিব এই উৎসৱত। অৱশ্যে ভোটাৰ আই ডি হাতত নাথাকিলেও ভোট দিব পৰাৰ ব্যৱস্থা গঢ়ি তুলিছে নিৰ্বাচনী আয়োগে। ইয়াৰ বাবে ১১ ট বিকল্প ডকুমেণ্ট সম্পৰ্কে জানি থওক পুৱাতেই। নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা বিকল্প নথিৰ নটিফিকেশ্ব্যন প্ৰকাশ পাইছে।
এই নিৰ্বাচনত কোনে কোনে ভোট দান কৰিব পাৰিব?
- এগৰাকী ভোটদাতাৰ বয়স ১৮ বছৰ সম্পূৰ্ণ হোৱাটো বাঞ্চনীয়।
- নিজৰ বাসস্তান থকা স্থানতেই আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
- পাছপৰ্টত দিয়া ঠিকনাত প্ৰৱাসী ভাৰতীয়ইয়ো ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে।
- ছাৰ্ভিছ হোল্ডাৰ সকলেও পোষ্টেল ভোট দিব পাৰে।
ভোটাৰ আই ডি অবিহনে কেনেকৈ দিব ভোট?
নিৰ্বাচন কমিছনৰ নিয়ম অনুসৰি পুলিং বুথত ভোটাৰ আইডেণ্টিফিকেশ্ব্যন জৰুৰী। নিৰ্বাচন কমিছনৰ পৰা লাভ কৰা ভোটাৰ কাৰ্ড থাকিলেহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৱশ্যে ভোটাৰ কাৰ্ড অবিহনেও আপুনি ভোট দিব পাৰিব তাৰবাবে আপোনাৰ নাম অৱশ্যে ভোটাৰ তালিকাত থকাতো বাঞ্চনীয়। ইয়াৰোপৰি ভোটাৰ তালিকাত নাম আছে কিন্তু হাতত ভোটাৰ আই ডি নোহোৱাকৈ ভোট দিবলৈ আহিলে তেন্তে আপুনি এই ১১ টা নথি দেখুৱাইয়ো ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
২ এপ্ৰিলত নিৰ্বাচন কমিছনে জাৰি কৰা নটিফিকেশ্ব্যন অনুসৰি এই ১১ টা নথিৰ ভিতৰত যিকোনো এটা আপোনাৰ হাতত থাকিলেও আপুনি ভোট দিব পাৰিব।
- আধাৰ কাৰ্ড
- MNREGA কার্ড
- বেংক আৰু পোষ্ট অফিচৰ পৰা অনুমোদিত ফটো থকা পাছবুক
- শ্ৰম মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড
- ড্ৰাইভিং লাইচেঞ্চ
- পান কাৰ্ড
- NPR অধীনত RGI য়ে অনুমোদিত কৰা স্মাৰ্ট কাৰ্ড
- ভাৰতীয় পাছপৰ্ট, ছবি থকা পেঞ্চনৰ ডকুমেণ্ট
- কেন্দ্ৰ/ ৰাজ্য চৰকাৰ/ পি এছ ইউ/ পাবলিক লিমিটেড কোম্পানীৰ দ্বাৰা অনুমোদিত ছবি থকা পৰিচয়পত্ৰ
- সাংসদ/ বিধায়ক/ এম এল চি ৰ দ্বাৰা অনুমোদিত পৰিচয়পত্ৰ
- ভাৰত চৰকাৰৰ UDID কাৰ্ড
ভোটাৰ ৰেজিষ্ট্ৰেছন ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব?
আপোনাৰ নাম যদি ভোটাৰ তালিকাত থাকে তেতিয়াহে ভোট দিব পাৰিব। যাক চমুকৈ ইলেক্ট্ৰৰেল ৰোল বুলিও কোৱা হয়। আপুনি ইচ্ছা কৰিলে অনলাইন ৱেবচাইটত গৈ নিজৰ নাম ভোটাৰ তালিকাত আছেনে নাই পৰীক্ষা কৰিব পাৰে। অথৱা হেল্পলাইন নম্বৰ ১৯৫০তো যোগাযোগ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ