অসম লাইভ২৪- দেশত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম দফাত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয়শাসিত অঞ্চল মিলি মুঠ ১০২ খন আসনৰ বাবে ভোটযুদ্ধ চলিছে। প্ৰথম দফাতেই মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত। কিৰেণ ৰিজেজু, সৰ্বানন্দ সোনোৱালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ ভাগ্য বন্দী হ’ব ইভি এমত।
প্ৰথম দফাত অৰুণাচল প্ৰদেশৰ ২ টা সমষ্টি, অসমৰ ৫ সমষ্টি, বিহাৰৰ ৪ সমষ্টি, ছত্তিশগড়ৰ ১টা সমষ্টি, মহাৰাষ্ট্ৰৰ ৫ সমষ্টি, মণিপুৰৰ এটা সমষ্টি, মেঘালয়ৰ দুটা সমষ্টি, মিজোৰামৰ ১টা সমষ্টি, নাগালেণ্ডৰ ১টা সমষ্টি, ৰাজস্থানৰ ১২ টা সমষ্টি, ছিকিমৰ ১ টা সমষ্টি, তামিলনাডুৰ ৩৯ সমষ্টি, ত্ৰিপুৰাৰ এটা সমষ্টি, উত্তৰপ্ৰদেশৰ ৮টা সমষ্টি, মধ্যপ্ৰদেশৰ ৫ সমষ্টি, উত্তৰাখণ্ডৰ ৫ সমষ্টি, আন্দামান নিকোবৰৰ ১টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি, লাক্ষাদ্বীপৰ ১টা সমষ্টি, পুডুচেৰীৰ ১টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
প্ৰথম দফাৰ ধনী আৰু সকলোতকৈ দুখীয়া প্ৰাৰ্থীৰ মাজত আছে বহু পৰিমানৰ ধনৰ পাৰ্থক্য। নকুল নাথৰ সম্পত্তি য’ত ৭১৬ কোটি তাৰ বিপৰীতে দুখীয়া প্ৰাৰ্থী পোনৰাজ কে’ৰ সম্পত্তি মাত্ৰ ৩২০ টকা। পোনৰাজ কে’ তামিলনাডুৰ তুথুকুড্ডিৰ নিৰ্দলীয় প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ ৰামটেকৰ নিৰ্দলীয় প্ৰাৰ্থী কাৰ্তিক ডোকে হৈছে দ্বিতীয় দুখীয়া প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমান মাত্ৰ ৫০০টকা। তাৰপিছতেই আনগৰাকী দুখীয়া প্ৰাৰ্থী হৈছে তামিলনাডুৰ চেন্নাই উত্তৰ কেন্দ্ৰৰ নিৰ্দলীয় প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমান মাত্ৰ ৫০০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ