অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত শুক্ৰক ভোগ, বিলাসিতা, আকৰ্ষণ, ধন-ঐশ্বৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়। ইয়াৰোপৰি শুক্ৰ আৰু শুক্ৰাচাৰ্য দৈত্যসকলৰ গুৰু। জ্যোতিষ শাস্ত্ৰৰ অন্য়তম গুৰুত্বপূৰ্ণ গ্ৰহ এটা। স্বাভাৱিকভাৱেই শুক্ৰৰ গতি আৰু বিভিন্ন ৰাশিৰ নক্ষত্ৰ বিচৰণে শুভ-অশুভ প্ৰভাৱ বিস্তাৰ কৰি থাকে। নিৰ্দিষ্ট সময়ত অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তন কৰে শুক্ৰই। ২৫ এপ্ৰিল শুক্ৰৰ ৰাশি পৰিবৰ্তন হ’ব। এই সময়ত ৰেৱতী নক্ষত্ৰৰ পৰা বাহিৰলৈ আহি অশ্বিনী নক্ষত্ৰত প্ৰৱেশ কৰিব এই গ্ৰহই। আগন্তুক ৫মে পৰ্যন্ত এই নক্ষত্ৰতে শুক্ৰই বিচৰণ কৰিব।
অশ্বিনী নক্ষত্ৰ
জ্যোতিষ শাস্ত্ৰত বৰ্ণিত ২৭ নক্ষত্ৰৰ মাজত প্ৰথম নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। কেতু এই নক্ষত্ৰৰ অধিপতি। কেতুৰ সৈতে বৰ্তমান শুক্ৰৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইয়াৰ ফলত বন্ধু কেতুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ কেইটামান ৰাশিৰ বাবে শুভ হ’ব। ব্যৱসায় আৰু চাকৰিত প্ৰচূৰ লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ। কোন কোন ৰাশিৰ বাবে এই সময় শুভ?
মেষ ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন এই ৰাশিৰ গোচৰ কোষ্ঠীৰ প্ৰথম কক্ষত হ’ব। এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকে প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে। পেছাগত জীৱনত উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত
কামৰ প্ৰশংসা লাভ কৰিব। ইয়াৰ ফলত পদোন্নতি আৰু বেতনবৃদ্ধিৰো যোগ আছে। ব্যক্তিত্ব পৰিবৰ্তন পৰিলক্ষিত হ’ব। উন্নতিৰ নতুন যোগ তৈয়াৰ হ’ব। নিজৰ সৃজনশীল গতিবিধি আৰু কূটনীতিৰ কাৰণে লক্ষ্য লাভ কৰিব পাৰিব। আৰ্থিক পৰিস্থিতি উন্নত। ভোগ-বিলাসিতা বৃদ্ধি পাব এই সময়ত। ইয়াৰোপৰি আৰ্থিক পৰিস্থিতি মজবুত হ’ব। অৰ্থ সঞ্চয়ত সফল হ’ব। স্বাস্থ্য ভালে থাকিব এই ৰাশিৰ জাতকৰ। দীৰ্ঘদিনৰ অসুস্থতা দূৰ হ’ব। প্ৰেম জীৱনৰ বাবে এই সময় শুভ। দাম্পত্য জীৱনত সমস্যাৰ সমাধান হ’ব।
মিথুন ৰাশি
শুক্ৰৰ অশ্বিনী নক্ষত্ৰৰ গোচৰে এই ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। কৰ্মক্ষেত্ৰত বৰিষ্ঠ অধিকাৰী আৰু সহকৰ্মীসকলৰ পৰা প্ৰশংসা বুটলিব। ইয়াৰোপৰি চাকৰিত ভাল প্ৰদৰ্শন দেখুৱাব। আপোনাৰ পদোন্নতি আৰু বেতনবৃদ্ধিৰো প্ৰৱল যোগ আছে। কামৰ কাৰণে বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে। অন্যহাতে এই ৰাশিৰ ব্যৱসায়ীসকল এই সময়ত লাভাম্বিত হ’ব। আৰ্থিক পৰিস্থিতি ভাল। অশ্বিন নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত অৰ্থ সঞ্চয় কৰিব পাৰিব এই ৰাশিৰ জাতকে। কঠিন পৰিশ্ৰমৰ ফলত শুভ ফল লাভ কৰিব। বোনাছ বা ভাট্টা লাভ কৰিব। প্ৰেম জীৱনত এই সময়ত শুভ।
কন্যা ৰাশি
অশ্বিন নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত কন্য়া ৰাশিৰ জাতক বিশেভাৱে লাভাম্বিত হ’ব। এই ৰাশিৰ জাতকৰ পদোন্নতি হ’ব পাৰে। ইয়াৰোপৰি জীৱনত ভাল সুযোগ লাভ কৰিব। এই ৰাশিৰ ব্য়ৱসায়ী জাতক লাভাম্বিত হ’ব। অৰ্থ উপাৰ্জন কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। আয়ৰ নতুন পথ মুকলি হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ