আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট
ভোটদান মানেই বৰ্তমান সময়ত ই ভি এম বিকলৰ বহু খবৰ বিভিন্ন ঠাইৰ পৰা অহা দেখা যায়। যাৰ বাবে বহুঠাইত ভোটগ্ৰহণো আৰম্ভ হয় দেৰিকৈ। এঠাইত আকৌ ঘটে আজৱ ঘটনা। ৭ জন ভোটাধিকাৰে ভোট সাব্যস্ত কৰাৰ পাছতে ৫৭ টা ভোট পৰা বুলি দেখুৱাই। লগে লগে লাগি যায় হাহাকাৰ।
নগাঁৱৰ চামগুৰিত এই ঘটনা সংঘটিত হৈছে। ই ভি এম বিকল হৈ এই অথন্তৰ। ৭টা ভোটৰ বিনিময়ত EVM ত নিজে নিজে বন্দী হ’ল ৫৭ টা ভোট। আজৱ দেশৰ ,আজৱ নিৰ্বাচন। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৯নং বঢ়মপুৰ সমষ্টিৰ পহুকটা পানী গাঁও ২২৮ নং ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই অথন্তৰ।
বিসংগতিপূৰ্ণ EVM মেচিনৰ লীলা। ভোট দিলে ৭ জনে, ভোট পৰিল ৫৭ টা। সাতজন লোকে ভোট দি ঘৰলৈ যোৱাৰ পাছত একাংশ লোকৰ তৎপৰতাত ধৰা পৰিল ই ভি এম মেচিনৰ বিসংগতি। লগে লগে বন্ধ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
সাতজনে ভোট দিওঁতেই অতিৰিক্ত ৫৭টা ভোট ই ভি এম মেচিনত বন্দী হল। এঘণ্টা পলমকৈ ই ভি এম মেচিনটো মেৰামতি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয়। ভোট দি ঘৰলৈ যোৱা সাতজন লোকক ঘৰৰ পৰা মাতি আনি দ্বিতীয় বাৰ ভোটদান কৰালে নিৰ্বাচনী বিষয়াই।
আনহাতে কেইবাঠাইতো বিকল মেছিন। বোকাখাতৰ বালিজান এম ই স্কুলৰ ২ নং খণ্ড ভোটকেন্দ্ৰত ই ভি এম বিকল । ভোট গ্ৰহণত বিলম্ব। প্ৰায় ৪০ মিনিট সময় শাৰী পাতি ৰখি আছিল ভোট দিবলৈ অহা জনসাধাৰণ । ১৩৬ কলাখোৱা এল পি স্কুল ভোটগ্ৰহন কেন্দ্ৰতো ই ভি এম বিকল।
কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিন্নাকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৯ নং পূৱজাৰুণী এম ই স্কুলৰ ভোট কেন্দ্ৰত EVM মেচিন বিকল। গোলাঘাট ২ নং টাউন নতুন বিদ্যালয়ত ৬ নং ৱাৰ্ডৰো এটা ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল।
হোজাইৰ ৰাষ্ট্ৰভাষা এম ই স্কুল পূৱ খণ্ডৰ ই ভি এমত বিসংগতি। যোৰহাট মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত EVM মেচিনত এগৰাকী মহিলাৰ ভৰি লাগি ভোট দান কায্যসুচিৰি মাজতেই মেচিন বিকল হৈ পৰে।
টিয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত চেনী আমগুৰি, ভকত গাওঁ, উত্তৰ দুলিয়া, হুলাল বাৰি,171 খেৰমিয়া আদিত প্ৰায় ছয় টা মেচিন বিকল হোৱাৰ খবৰ । যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পলি স্কুল, গীতাৰ্থ স্কুল, 49 পঞ্চায়ত চেন্টাৰ নম্বৰ 5, আদিতো মেচিন বিকল হোৱাৰ খবৰ।
তিতাবৰ পুলিঙ ষ্টেচন 131, 128, 189, 87, 203, 88, 123, 107, 189ত মেচিন বিকল হোৱাৰ খবৰ আহিছে।
নগাঁৱৰ ১০ নং কাজিৰঙা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪৪ নং ভোট গ্ৰহণ কেন্দ্ৰত EVM বিকল । প্ৰায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ থাকে ভোট গ্ৰহণ । শদিয়াত বিকল দুটাকৈ ই ভি এম । ৰতনপুৰ উচ্চমাধ্যমিক বিদ্যালয় আৰু দেওপানী গোঁহাই গাঁও প্ৰাথমিক বিদ্যালয়ত ভোটকেন্দ্ৰত এই অঘটন ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ