পিতৃহীন যুৱতীয়ে ঘৰটো চুবুৰীয়া যুৱকৰ নামত কৰি নিদিয়াৰ বাবেই কৰিলে এনে, শুনিয়েই আচৰিত হ’ব আপুনি
এগৰাকী পিতৃহীন যুৱতী, মাতৃৰ সৈতে কোনোমতে বাস কৰি আছে এটা ঘৰত। ঘৰটো পিতৃৰ মৃত্যু পাছত মাকৰ নামত ৰেজিষ্ট্ৰি হয়। পাছে সেই ঘৰটোক লৈয়ে সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। ঘৰটো ওচৰৰ যুৱক এজনৰ নামত কৰি নিদিয়াৰ বাবে অকথ্য নিৰ্যাতন চলাই যুৱতীৰ ওপৰত।
এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ গুণাত। য’ত এগৰাকী যুৱতীয়ে বৰ্তমানে হাস্পতালৰ বিচনাৰ পৰা ন্যায় বিচাৰিছে। বৰ্তমানেও ভয়ত কম্পমান যুৱতীগৰাকী।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘৰৰ ওচৰৰে সীমা ভাগি এগৰাকী যুৱকৰ সৈতে ভাল সম্পৰ্ক আছিল যুৱতীৰ। সেই সূত্ৰেই বহু দিনৰে পৰা যুৱতী বাস কৰা ঘৰটো যুৱকে তাৰ নামত কৰি দিয়াৰ বাবে জোৰ কৰি আহিছিল।
প্ৰত্যকবাৰেই প্ৰত্যাখ্যান কৰি আহিছিল যুৱতী। যাৰ পৰিণতেই শেষত যুৱকৰ নামত ঘৰটো ৰেজিষ্ট্ৰি কৰি নিদিয়াৰ বাবে যুৱতীক অপহৰণ কৰি নি হাত ভৰি বান্ধি চকুত জলকীয়া গুৰি সানি দিয়াৰ লগতে মুখৰ ভিতৰতো জলকীয়াৰ গুৰি ভৰাই দি ফেভিকুইক লগাই মুখ বন্ধ কৰি দিয়ে।
কেৱল সিমানেই নহয়, যুৱতীৰ যৌনাংগতো জলকীয়াৰ গুৰি সানি ফেভিকুইক লগাই দিয়ে। পাছত দুই হাতো ফেভিকুইক দি লগ লগাই দিয়ে।
পাছত কোনো লোকে যুৱতীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাই, সেই সময়ত য়ুৱতীৰ সম্পূৰ্ণ চেহেৰা আঘাত পাই ফুলি গৈছিল। শৰীৰৰ বিভিন্ন ঠাইতো গভীৰ জখমৰ চিন।
বৰ্তমানে সামান্য স্থিৰ হৈ যুৱতীৰ স্বাস্থ্য। আৰক্ষীয়ে যুৱতীৰ ভাষ্য লৈ গোচৰ ৰুজু কৰি অভিযুক্ত যুৱতক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ