সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক অৱশেষত মুখ্যমন্ত্ৰীৰ হাতত SITয়ে অৰ্পণ কৰিলে প্ৰতিবেদন৷ কিন্তু কি আছে প্ৰতিবেদনত? বুধবাৰে ৬ বজাত অসম আৰক্ষীৰ SIT টিমে গৌৰৱ গগৈৰ ‘পাকিস্তানৰে সম্পৰ্ক’ৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক জমা দিয়ে। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে জনাইছিল যে SITএ দাখিল কৰা প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব। প্ৰতিবেদনত গুৰুতৰ বিশেষ কিবা থাকিলে ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।প্ৰতিবেদনত বিশেষ আপত্তিকৰ তথ্য নাথাকিলে গোচৰটো বন্ধ কৰি দিয় হ’ব বুলি কৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।
‘গৌৰৱ গগৈৰ পাকিস্তান লিংক’, SITৰ প্ৰতিবেদনত কি আছে?
মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন অৱশেষত দাখিল কৰে অনুসন্ধান কমিটিয়ে৷ DG মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SITৰ প্ৰতিবেদন অৰ্পণ কৰা হয়৷ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তন্ন তন্নকৈ লিখা আছে এই প্ৰতিবেদনত৷
কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদনত আছে কেইবাটাও বিস্ফোৰক তথ্য৷ প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত থাকে প্ৰণৱজ্যোতি গোস্বামী, ৰ’জি কলিতা৷ অৱশ্যে আজি ৰাজহুৱা কৰা নহয় SITৰ প্ৰতিবেদন৷ তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠা৷ পৰ্যৱেক্ষণৰ পাছতে ৰাজহুৱা কৰাৰ সম্ভাৱনা প্ৰতিবেদনৰ তথ্য৷
সূত্ৰ অনুসৰি গৌৰৱ আৰু পত্নীৰ পাকিস্তান লিংকক লৈ জেৰা কৰা হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথক। বিশেষ সূত্ৰৰ অনুসৰি SITৰ তদন্ত প্ৰতিবেদনত লিপিবদ্ধ হৈছে গৌৰৱ পত্নী এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি। তথ্য অনুসৰি ১৪ বাৰ পাকিস্তান লৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে, বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়ে কৰিছিল পাকিস্তান ভ্ৰমণ। জানিব পৰা অনুসৰি বিগত ডেৰ মাহত ৯ জনকৈ ব্যক্তিক সোধা-পোছা কৰিছে SITএ।নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ-পত্নী এলিজাবেথ। তদন্তৰ সময়ছোৱাত SITয়ে ৫ বাৰ দিল্লী-পাঞ্জাৱলৈ গৈছিল। পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে। উল্লেখ্য যে আলী তাকিৰ শ্বেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা। পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আলী তাকিৰ শ্বেখৰ। এই আলী তাকিৰ শ্বেখ লীড নামৰ সংস্থাটোৰ CEO। সেই আলী তাকিৰ শ্বেখৰ NGO লীডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ ক’লবাৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ