ভোটদানৰ বাবে ওলাই আহিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ৷
প্ৰয়াত পিতৃৰ সেৱা লৈ ভোট দিবলৈ ওলাই আহিছে গৌৰৱ গগৈ৷
গৌৰৱ গগৈয়ে সংবাদমাধ্যমৰ আগত কয়-
মোৰ বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব৷
ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, এখন সুস্থ অসমৰ সপক্ষে অসমৰ জনতাই ভোটদান কৰিব৷
আজি বতৰ ভাল ২০২১ ৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ বাঢ়িব লাগে৷
অসমৰ জনতাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি, ইয়াৰ ভূমিপুত্ৰই নতুন অসম গঢ়িব৷
মানুহৰ মাজত যথেষ্ট উৎসাহ আছে, মই ভাৱো অসমৰ জনতাই নতুন বৰঅসম গঢ়িব৷
অসমৰ জনতাই অসমৰ দায়িত্ব ল’ব, জনতাৰ হাততহে অসম সুৰক্ষিত থাকিব৷
আমি কৃতজ্ঞ, অসমবাসীৰ ওচৰত, আমাক সমৰ্থন কৰাৰ বাবে, মনোবল বঢ়োৱাৰ বাবে৷
যোৰহাটবাসীৰ ওচৰত মই কৃতজ্ঞ, ৪ তাৰিখে আমি নতুন এখন অসম দেখা পাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















