পূৰ্বৰ দুবাৰৰ দৰে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে৷ তথাপিও কাষত জোঁট আছে৷ এন ডি এ জোঁটৰ সহায়তেই আকৌ এবাৰ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে বিজেপি দল৷ আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ মছনদত বহিবলৈ আগবাঢ়িছে মোদী৷ মোদীৰ এই যাত্ৰাত দেশৰ প্ৰায়সংখ্যক লোকে সমালোচনা কৰিলেও বিদেশী নেতাসকলে কিন্তু শুভেচ্ছা জনাবলৈ পাহৰা নাই মোদীক৷ তাৰমাজতেই অন্যতম হৈছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি৷ এক্স হেণ্ডেলত মোদীক শুভেচ্ছা জনাইছে জৰ্জিয়াই৷
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াই মোদীক উদ্দেশ্যি লিখিছে, ‘নিৰ্বাচন জয়ৰ অপাৰ শুভেচ্ছা৷ আৰু ভাল কাম কৰাৰ বাবে আপোনাক উষ্ণ অভিনন্দন জনাইছো৷ আমি একেলগে কাম কৰিম৷ আমাৰ বন্ধুত্ব আৰু মজবুত কৰিম৷ ইটালী আৰু ভাৰত ঐক্যবদ্ধ হৈয়েই থাকিব৷ আমি জাতি আৰু আমাৰ জনগণৰ মংগলৰ বাবে বিভিন্ন বিষয়ত সহযোগিতা অব্যাহত থাকিব৷ আমাৰ এই বন্ধুত্বও সদায়ে অটুত থাকিব৷’
https://x.com/narendramodi/status/1798201897473720393
মুখৰ হাঁহি হেৰাই যোৱা মোদীৰ মেলোনিৰ পষ্টৰ পাছতেই কিছু যেন হাঁহি উভতি আহিছে৷ মেলোনিৰ বিশেষ পোষ্টটো লগে লগেই শ্বেয়াৰ কৰিছে মোদীয়ে৷ মোদীয়ে নিজৰ ৱালত পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘আপোনাৰ সহৃদয় বাৰ্তাৰ বাবে অশেষ ধন্যবাদ মেলোনি৷ আমি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বক আৰু গভীৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো৷ বিশ্ব কল্যানৰ বাবে একেলগে আমি কাম কৰিবলৈ উন্মুখ হৈ আছো৷’
উল্লেখ্য যে মুছোলিনিপন্থী মেলোনিয়ে যেতিয়া ইটালীৰ মছনদত বহিছিল তেতিয়া তেওঁকো শুভেচ্ছা জনাইছিল নৰেন্দ্ৰ মোদীয়ে৷ নতুন দিল্লী আৰু ৰোমৰ সম্পৰ্কও যথেষ্ট মজবুত৷ ইউৰোপীয় ইউনিয়নৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্কক গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ সেই সহযোগীতাক আৰু বঢ়াই তোলাৰ বাৰ্তা বাৰে বাৰে দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মঙলবাৰে নিৰ্বাচনী ফলাফলৰ পাছত দিল্লীত বিজেপিৰ সদৰ দপ্তৰৰ পৰা দলীয় কৰ্মীক বাৰ্তা দিছে মোদীয়ে৷ মোদীৰ সংবাদমেলত মোদীৰ কাষত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডা, অমিত শ্বাহ আৰু ৰাজনাথ সিং৷ তাতেই তেওঁ বাৰ্তা দিয়ে যে, ‘তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছো যেতিয়া বিকশিত ভাৰতৰ উদ্দেশ্যে আমি আৰু বেছিকৈ কাম কৰিম৷ ৰাজ্য আৰু আমাৰ জোঁটত থকা অন্যান্য দলসমূহক একেলগে লৈ বিকশিত ভাৰতৰ উদ্দেশ্যে কাম কৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ