ছচিয়েল মিডিয়া আৰু অনলাইন ক্লাছ এই দুই মিলিয়েই গঢ়ি উঠিছিল এক সম্পৰ্ক৷ প্ৰেম, ভৰসা, প্ৰতিশ্ৰুতি সকলো আছিল এই সম্পৰ্কত৷ কিন্তু যেতিয়া প্ৰেমিকেই গণিতৰ শিক্ষক, তেতিয়া প্ৰেমৰ ফলাফলো যেন আৰু এক অদ্ভুত অংক৷ সেই অংকৰ উত্তৰ পালে এগৰাকীৰ তৰুণীয়ে৷ বিবাহৰ পূৰ্বেই পালে উত্তৰ৷ ২৭ বছৰ বয়সীয়া এগৰাকী তৰুণীয়ে পঢ়াশুনা কৰিছিল অনলাইনত৷
ইউটিউবত গণিত শিকাইচিল বিহাৰৰ বাসিন্দা শিক্ষক বিকাশ কুমাৰে৷ নিয়মিত ক্লাছ কৰোতে কৰোতে তৰুণী প্ৰেমত পৰে শিক্ষকৰ৷ ধীৰে ধীৰে ইনষ্টাগ্ৰাম ৰিলৰ পৰা ইউটিউব ক্লাছ, আৰু তাৰ পৰাই মোবাইল চাট৷ সম্পৰ্ক আৰু গভীৰ হৈ গৈ থাকে৷ এসময়ত বিকাশে জবলপুৰলৈ আহে তৰুণীৰ সৈতে দেখা কৰিবলৈ৷ আৰু ৰে’লষ্টেচনৰ কাষত এখন হোটেললৈ যায় দুয়ো৷
১২ মাৰ্চত দুয়োৰে দুয়োৰে সৈতে দেখা হয়৷ তৰুণীগৰাকীয়ে প্ৰেমিকৰ ওপৰত ভৰসা কৰিয়েই হোটেললৈ গৈছিল৷ তাতেই বিবাহৰ প্ৰতিশ্ৰুতিও দিছিল৷ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বিকাশে৷ ইয়াৰপাছতেই আকৌ বিহাৰলৈ ওভতি যায়৷ ২০২৪ চনৰ ১২ মাৰ্চেই সলাই দিলে যুৱতীৰ ভাগ্য৷ বিকাশে সেইদিনা যুৱতীক কথা দিছিল- মই তোমাক বিয়া কৰাম, বিশ্বাৰ ৰাখিবা৷
কিন্তু সম্পৰ্ক যেতিয়া বিবাহৰ দিশলৈ আগুৱাই যায় তেতিয়াই সলনি হৈ পৰে শিক্ষকৰ ৰূপ৷ তৰুণীক ধমকি দিবলৈ আৰম্ভ কৰে বিকাশে৷ আনকি তৰুণীৰ পৰিয়ালৰ সকলোকে মাৰি পেলোৱাৰো ধমকি দিয়ে৷ আতংকিত হৈ থকা তৰুণীয়ে অৱশেষত পৰিয়ালৰ ওচৰত সকলো খুলি কয়৷ ইয়াৰ পাছতেই থানাত বিকাশৰ বিৰুদ্ধে ধৰ্ষণসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে৷ অবশ্যে অংক ছাৰ বিকাশ গ্ৰেপ্তাৰ হ’লনে সেয়াহে জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ