অসম লাইভ২৪ঃ গীতা কেৱল এখন ধৰ্মগ্ৰন্থই নহয়। গীতা হৈছে আমাৰ পথ প্ৰদৰ্শকো। জীৱনৰ দুখ, কষ্ট, সমস্যা, সমাধান সকলোতে সঠিক পথ দেখুৱাই গীতাই। জীৱনত কি পৰিস্থিতিত কি কৰা উচিত, কি কৰা অনুচিত সকলোবোৰ গীতাত উল্লেখ আছে। মহাভাৰতত অৰ্জুনক নিজৰ বন্ধুৰ স্থান দিছিল শ্ৰী কৃষ্ণই। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভনিৰ আগে আগে অস্ত্ৰ ত্যাগ কৰি যুদ্ধ নকৰো বুলি কৈছিল তৃতীয় পাণ্ডৱ অৰ্জূনে। নিজৰেই আপোন ভাতৃসকলৰ বিৰুদ্ধে অস্ত্ৰ চলোৱাৰ কথা ভাৱিব নোৱাৰি বুলি কৈয়েই অৰ্জূনে যুদ্ধক্ষেত্ৰ ত্যাগ কৰিব বিচাৰিছিল। শ্ৰী কৃষ্ণক এই কথা অৰ্জূনে জনোৱাৰ পাছতেই বন্ধুক শ্ৰী কৃষ্ণই কেইটামান বিশেষ উপদেশ দিয়ে। অৰ্জূনক তেওঁৰ কৰ্তব্যৰ কথা সোঁৱৰাই জীৱনত কেনেকৈ চলিলে সফল হ’ব তাৰেই বাণী দিয়ে কৃষ্ণই।
গীতাই আমাক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ দিয়ে। ইমান হাজাৰ হাজাৰ বছৰ পাছতো গীতাৰ বাণীয়ে আজিও আমাৰ জীৱনত প্রভাৱ পেলায়। গীতাই মানুহক তেওঁ জীৱনদ্দশা আৰু মৃত্যু পাছত কেনেকৈ থাকিব সেই কথাৰো বাখ্যা দিয়ে। গীতাত যেনেকৈ সফল যাত্ৰাৰ কথা উল্লেখ আছে তেনেকৈয়ে ব্যৰ্থতাৰ কাৰণো উল্লেখ আছে। কিয় মানুহে অধঃপতনৰ দিশেৰে আগুৱাই যায় সেই কথাও উল্লেখ আছে গীতাত।
১)শ্ৰী কৃষ্ণই কৈছিল, মানুহৰ অধঃপতন তেতিয়াই আৰম্ভ হয় যেতিয়া নিজৰ পৰিয়ালক উপেক্ষা কৰি অপৰিচিত বা কম পৰিচিত ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।
২) গীতাত কোৱা হৈছে যে, কাৰোবাক প্ৰতাৰণা কৰিলে তাৰ ফল আপুনি নিশ্বয়কৈ ভোগ কৰিবই। যি মুহূৰ্তত আপুনি প্ৰতাৰণাৰ পথ বাচি লয় সেই মুহূৰ্তৰ পৰাই আপোৱাৰ ধ্বংসৰ দুৱাৰো খোল খায়। নিজৰ কৰ্মফল নিজৰ হাততেই পাব। আপুনি যি কাম কৰিব তাৰ ফল আপুনি পাবই।
৩) নিজৰ কামৰ ক্ষেত্ৰত কাৰোবাৰ সমৰ্থন নাপালেই ভাঙি নপৰিব। আপোনাক কোনোৱে সমৰ্থন কৰক বা নকৰক যদি নিজৰ যাত্ৰাৰ লক্ষ্য স্থিৰ থাকে তেন্তে আপুনি সফল হ’বই।
৪) আপোনাৰ ওপৰত হোৱা অন্যায় যদি আপুনি হাঁহিমুখে সহ্য কৰে তেন্তে আপোনাৰ হৈ ভগৱানেই অন্যায় কৰা ব্যক্তিজনৰ বিৰুদ্ধে পদক্ষেপ ল’ব।
৫) গীতাত শ্ৰী কৃষ্ণই কৈছিল যে কোনো মানুহে কেতিয়াও নিজৰ সম্পদ, শিক্ষা আদিক লৈ অহংকাৰ নকৰিব। অহংকাৰৰ পৰা সদায়ে পতনহে হয়। সফলতা লাভ কৰিবলৈ হ’লে অহংকাৰ ত্যাগ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ