অসম লাইভ২৪ঃ ৭ এপ্ৰিল গুড ফ্ৰাই ডে৷ এই দিনটোত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলে প্ৰভু যীশুক তেওঁৰ আত্মত্যাগৰ বাবে স্মৰণ কৰি শোকদিৱস হিচাপে পালন কৰে৷ এই দিনটোক কলা দিন হিচাপেও জনা যায়৷ খ্ৰীষ্টিয়ানসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই দিনটোত প্ৰকৃততে কি ঘটিছিল?
ঈশ্বৰ যীশুয়ে সদায়েই দয়া আৰু ক্ষমাৰ পথ অৱলম্বন কৰি মানুহক অহিংসাৰ পথত চলিবলৈ অনুপ্ৰেৰণা যোগায়৷ কিন্তু কি কাৰণে তেনে এজন শান্ত সমাহিত লোকক ইমান শাস্তি দি হত্যা কৰা হৈছিল? যীশুৱে ইমান শাস্তি দিয়া স্বত্ত্বেও মৃত্যুৰ পূৰ্বে কি কৈছিল?
যীশুখ্ৰীষ্টক খ্ৰীষ্টধৰ্মৰ প্ৰতিষ্ঠাতা বুলিও বিবেচনা কৰা হয়৷ যীশুৱে তেওঁৰ জীৱনটোৱেই মানৱজাতিৰ কল্যাণৰ নামতেই ব্যয় কৰিছিল৷ তেওঁক শান্তি আৰু ভালপোৱাৰ প্ৰণেতা বুলিও বহুতেই ক’ব খোজে৷ মানুহে যীশুখ্ৰীষ্টৰ চিন্তাধাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ এয়াও অন্য এক কাৰণ৷ যীশুৰ বাৰ্তাসমূহে কুসংস্কাৰ আৰু মিথ্যচাৰত ডুবি থকা একাংশ ধৰ্মান্ধ লোকক বিৰক্ত কৰিছিল৷ সেয়ে ৰোমৰ শাসকসকলে যীশুখ্ৰীষ্টক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিবলৈ পাকে প্ৰকাৰে চেষ্টা কৰিয়েই আহিছিল৷ শেষলৈ ইহুদি শাসকসকলে তেওঁৰ ক্ৰুছবিদ্ধ কৰে৷
যীশুক ক্ৰুছবিদ্ধ কৰা ইহুদীসকল অত্যন্ত নিষ্ঠুৰ আছিল বুলি ইতিহাসবিদসকলে ক’ব খোজে৷ যীশুকো বলপূৰ্বকভাৱে তেওঁলোকৰ ধৰণে পৰিচালিত কৰিবলৈ যত্ন কৰিছিল৷ কিন্তু ক্ৰুছবিদ্ধ হৈয়ো যীশুখ্ৰীষ্টই এবাৰলৈকো তেওঁলোকৰ মতে পৰিচালিত নহ’ল৷ তাৰ পৰিবৰ্তে তেওঁ মৃত্যুৰ পূৰ্বে কৈ গ’ল, ‘হে ঈশ্বৰ, তেওঁলোকক ক্ষমা কৰিব৷ তেওঁলোকে নাজানে, তেওঁলোকে কি কৰিব খুজিছে৷ হে ঈশ্বৰ মই মোৰ আত্মা আপোনাৰ হাতত অৰ্পণ কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ