অসম লাইভ২৪ঃ আশীৰ দশকৰ শেষৰ ফালে বলীউডৰ বিখ্যাত কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম হৈছে কুমাৰ চানু। ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত ‘হিৰো হিৰালাল’ ছবিত প্ৰথমে গীত গাইছিল কুমাৰ চানুৱে। সেই গীতটোৰেই আৰম্ভ হৈছিল বলীউড যাত্ৰা। এই গীতটোৰ পাছতেই বলীউডৰ বিখ্যাত বিখ্যাত সংগীত পৰিচালকৰ পৰা গীত গাবলৈ প্ৰস্তাৱ আহে কুমাৰ চানুলৈ। বাংলা ছবিৰ লগে লগে হিন্দী ছবিতো গীত গাবলৈ আৰম্ভ কৰে কুমাৰ চানুৱে। সংগীতৰ ক্ষেত্ৰত যেনেকৈ দোপতদোপে আগুৱাই থাকিল তেনেকৈয়ে পৰকীয়া প্ৰেমৰ সম্পৰ্কও বাঢ়ি গৈ থাকিল কুমাৰ চানুৰ।
১৯৯০ চনত কুমাৰ চানুৱে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ সফল গীতটোত কণ্ঠদান কৰে।
‘আশিকি’ ছবিৰ গোটেইকেইটা গানেই গাবলৈ অফাৰ লাভ কৰে চানুৱে। তেওঁ গোৱা প্ৰতিটো গীতেই মুক্তিৰ লগে লগেই জনপ্ৰিয় হৈ পৰিল। তাৰপাছতেই মহেশ ভাট্ট পৰিচালিত ‘জুৰ্ম’ ছবিত গীত পৰিবেশন কৰে কুমাৰ চানুৱে। ‘জুৰ্ম’ ছবিত কুমাৰ চানুৱে গোৱা ‘যব কই বাত বিগৰ যায়ে’ গীতটো সেই সময়ত দেশৰ প্ৰায় প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰেই প্ৰিয় গীত হৈ পৰিছিল। সেই গীতটোত কুমাৰ চানুৰ সৈতে কণ্ঠদান কৰিছিল সাধনা সৰগমে। চানুৰ এই বিশেষ গীতটো শুনিয়েই তেওঁৰ প্ৰতি আকুল হৈ উঠিছিল অভিনেত্ৰী মিনাক্ষী। এই ছবিত গীত গোৱাৰ পূৰ্বেই বিবাহিত আছিল কুমাৰ চানু। বলীউডত ভৰি দিয়াৰ পূৰ্বেই ৰীতা ভট্টাচাৰ্যক বিবাহ কৰাইছিল কুমাৰ চানুৱে। বিয়াৰ পাছতো কিন্তু কেইবাবাৰো অন্য যুৱতীৰ প্ৰেমত পৰিছে কুমাৰ চানু।
জুৰ্ম ছবিত কণ্ঠদান কৰাৰ প্ৰায় ১০ বছৰ আগতেই বিয়া কৰাইছিল কুমাৰ চানুৱে। কিন্তু এই সকলোবোৰ জানিও মীনাক্ষি কুমাৰ চানুৰ প্ৰেমত পৰে। চানুৰ এই বিবাহ বহিৰ্ভূত সম্পৰ্ক সেই সময়ত বাতৰিৰ শিৰোনামো হৈছিল। এই প্ৰেমৰ কথা কুমাৰৰ পত্নীৰ কাণতো পৰে। কিন্তু কুমাৰ চানুৰ পত্নীয়ে এই সম্পৰ্কৰ বাবে পোনছাটেই দোষাৰোপ কৰে মীনাক্ষিক। তেওঁ কয় যে, বিবাহিত জানিও সম্পৰ্ক ৰাখি আমাৰ সংসাৰ ভাঙিবলৈ যত্ন কৰিছে।
কুমাৰ চানুৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰখাৰ বাবে বলীউডত কামো নোপোৱা হৈ পৰে মীনাক্ষিয়ে। ১৯৯৪ চনত পত্নী ৰীতাৰ সৈতে বিচ্ছেদ হয় কুমাৰ চানুৰ। ছবিত কামো পোৱা নাছিল বাবে বিবাহৰ সিদ্ধান্ত লয় মীনাক্ষিয়েও। কিন্তু কুমাৰ চানুৰ সৈতে তেওঁ বিয়া নকৰাই। ১৯৯৫ চনত আমেৰিকাৰ এজন বেংক কৰ্মচাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মীনাক্ষি। ইপিনে প্ৰথম বিবাহ বিচ্ছেদৰ পাছত চালোনিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কুমাৰ চানুও। প্ৰথমা পত্নীৰ পৰা কুমাৰৰ আছে তিনিটা সন্তান। আৰু দ্বিতীয়া পত্নীৰ পৰা কুমাৰৰ আছে দুটাকৈ সন্তান। তেওঁৰ প্ৰেয়সী মীনাক্ষি এতিয়া টেক্সাচৰ বাসিন্দা। বলীউডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক বৰ্তমান আৰু নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ