আইপিএল চলি আছে। সমগ্ৰ বিশ্বৰ নজৰ এতিয়া আই পি এলৰ ফালে। ইয়াৰ মাজতেই নতুন খবৰ ভাইৰেল হৈছে। নতুনকৈ খবৰৰ শিৰোনামা দখল কৰিছে গুগলৰ চিইঅ সুন্দৰ পিছাইয়ে। কেইবাদিনো ধৰি এই খবৰ ভাইৰেল হৈছে। সুন্দৰ পিছাইৱেও নিজাকৈ এটা আইপিএল দল ক্ৰয় কৰিব। বিশ্বৰ অন্যতম ধনী খেল ক্ৰিকেটত চকু সুন্দৰ পিছাইৰ। তেওঁ পূৰ্বৰ কোনো আইপিল এল দল ক্ৰয় কৰিব নে নিজাকৈ দল খুলিব সেয়াহে এতিয়াও স্পষ্ট নহয়। কিন্তু এটা কথা ঠিক যে সুন্দৰ পিছাই ক্ৰিকেটৰ অন্ধ ভক্ত।
তেওঁ এক সাক্ষাৎকাৰত জনাইছে যে তেওঁ আইপিএলক বিশেষভাৱে পছন্দ কৰে। যেনেকৈ বিশ্বৰ ক্ৰিকেটাৰে আহি এই খেলত অংশ লয় সেয়া দেখি তেওঁৱো অবাক হয়। ক্ৰিকেটক লৈ বিশ্বৰ প্ৰতিটো প্ৰান্তৰ উন্মাদনাই তেওঁকো সুখী কৰে। আইপিএলত তেওঁৰো কোনো দল থাকিলে কেনে হয় সেই বিষয়ে তেওঁ চিন্তা চৰ্চা নকৰা নহয়। অৱশ্যে তেওঁ এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।
আইপিএলক লৈ সুন্দৰ পিছাইৰ এই মন্তব্য ভাইৰেল হোৱাৰ পাছতেই বহু ক্ৰিকেট ভক্তই আশা কৰিছে নতুন দল অচিৰেই তৈয়াৰ হব। এই টিম এইবাৰৰ আইপিএলত আত্মপ্ৰকাশ নকৰিলেও পৰবৰ্তীকালত যে আত্মপ্ৰকাশ কৰিব সেয়াও নিশ্চিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ