অসম লাইভ ২৪ঃ বৃহৎ ডিজিটেল সংস্থা গুগল আৰু ফেচবুকে সম্প্ৰতি কাৰ্যকৰী হোৱা ডিজিটেল নীতিৰ অধীনত নিজৰ ৱেবচাইচ আপডেট কৰে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি নিজৰ অৱস্থান স্পষ্ট কৰিলে সংস্থা দুটাই। কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে গুগল আৰু ফেচবুকে it নিয়ম অনুসৰণ কৰিব পৰাকৈ ৱেবচাইট আপডেট কৰে। কিছুদিন পূৰ্বে গুগল, ফেচবুক, হোৱাটচএপ শ্বেয়াৰচেট, টেলিগ্ৰাম আৰু লিংকডইনকে ধৰি বহু সংস্থাই তথ্য প্ৰযুক্তিৰ নিয়মৰ প্ৰয়োজনীয়তা অনুসৰি মন্ত্ৰ্যালয়ক তথ্য বিৱৰণো আগবঢ়াইছিল। অৱশ্যে, টুইটাৰ কৰ্তৃপক্ষই বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰক সহযোগিতা আগবঢ়োৱা নাই। উল্লেখ্য, ২৬ মে’ৰ পৰা কাৰ্যকৰী হৈছে কেন্দ্ৰৰ নতুন ডিজিটেল নীতি। এই নীতি অনুসৰি কোম্পানীসমূহে অভিযোগ নিষ্পত্তি বিষয়া, নোডেল বিষয়া আৰু মুখ্য সঞ্চালন বিষয়া নিয়োগ কৰিব লাগিব। বিষয়াসকলৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোক ভাৰতীয় নাগৰিক হোৱাটো বাঞ্চনীয়। টুইটাৰৰ বাদে সকলো ছ’চিয়েল প্লেটফৰ্মে নিৰ্দেশনা মানিছে কেন্দ্ৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ