UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে
বৰ্তমানে কেচলেচ ট্ৰেনজেকচন তথা অনলাইন পেমেণ্ট মোড অতিকে জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো। বজাৰৰ পৰা আৰম্ভ কৰি যাত্ৰা কৰালৈকে সকলো ক্ষেত্ৰতে বৰ্তমানে অনলাইন পেমেণ্ট কৰিবলৈ ধৰিছে লোকে। এই অনলাইন পেমেণ্ট মোড বোৰৰ ভিতৰত দেশত বৰ্তমানে সকলোতকৈ জনপ্ৰিয় অনলাইন চাইট হৈছে UPI.
দেশত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা ইউ পি আই লেনদেনে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানক প্ৰচাৰৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে। শেহতীয়াকৈ ইউ পি আইৰ ওপৰত জি এছ টি আৰোপ কৰাৰ বাতৰিৰ মাজতে বিত্ত মন্ত্ৰালয়ে ৰাজ্যসভাত স্পষ্ট কৰি দিছে যে ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি আৰোপ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰৰ ফলাৰ পৰা।
২২ জুলাইত বাৰিষা অধিৱেশনৰ সময়ত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি আৰোপ কৰাৰ পৰামৰ্শ দিয়া হোৱা নাই।
সেই অধিৱেশনতেই ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি সন্দৰ্ভত চৰকাৰৰ মতামত সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পংকজ চৌধুৰীয়ে কয় যে জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত জি এছ টিৰ হাৰ আৰু ৰেহাইৰ সিদ্ধান্ত লোৱা হয়। এইটো এটা সাংবিধানিক কাৰ্য, য’ত ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাৰে সদস্য অন্তৰ্ভুক্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















