চৰকাৰী কৰ্মী যদিও চুক্তিভিত্তিক৷ মাহৰ শেষত দৰমহা পায় ১৩ হাজাৰ টকা৷ তেঁৱেই কিনিছে কোটি টকাৰ বিলাসী বাহন৷ বিলাসী 4BHK ফ্লেট৷ প্ৰেমিকাৰ বাবেও কিনিছে দুটাকৈ পৃথক ফ্লেট৷ কিন্তু মাত্ৰ ১৩ হাজাৰ টকাৰ চাকৰিত এয়া কেনেকৈ সম্ভৱ? যুৱকৰ গতিবিধি চাল-চলনত সন্দেহ উপজিল সহকৰ্মীৰো৷ বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰো কৰাই৷ লগে লগেই আৰক্ষীয়ে তদন্তত নামি লাভ কৰা তথ্যই আৰক্ষীকো আচৰিত কৰি তুলিছে৷
হৰ্ষ কুমাৰ শ্ৰীসাগৰ নামৰ এজন যুৱকে চৰকাৰী ফাণ্ডৰ পৰা লৈছে ২১ কোটি ৫৯লাখ ৩৮ হাজাৰ টকা৷ সেই চুৰিৰ টকা দি যুৱকে এখন বিএমডব্লিও বাহন, বিএমডব্লিই বাইক কিনিছে৷ বিমানবন্দৰৰ কাষত এটা 4BHK ফ্লেট কিনিছে৷ তেওঁৰ প্ৰেমিকাকো এটা ফ্লেট কিনি দিছে৷ আনকি হীৰা লগোৱা এযোৰ চছমাও অৰ্ডাৰ দিছে যুৱকে৷
যুৱকে মহাৰাষ্ট্ৰ চৰকাৰৰ এটা দফতৰত চুক্তিভিত্তিক কৰ্মী হিচাপে কাম কৰিছিল৷ ছত্ৰপতি সম্ভাবিনগৰৰ বিভাগীয় স্পৰ্টছ কমপ্লেক্সৰ বাবে ধন ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে তেওঁ হৰলুকি কৰিছিল৷ সেই যুৱকক প্ৰতাৰণাত সহায় কৰিছিল সেই দফতৰৰেই এগৰাকী মহিলা কৰ্মীৰ স্বামীয়ে৷ দুয়ো মিলি ইণ্ডিয়ান বেংকত এটা একাউণ্ট খুলিছিল স্পৰ্টছ কমপ্লেক্সৰ নামত৷ চৰকাৰী ফাণ্ডৰ পৰা সেই একাউণ্টত জমা হৈছিল ধন৷ তাৰপিছতেই অভিযুক্তই নেট বেংকিঙৰ মাধ্যমেৰে সেই টকা নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিছিল৷ অফিচ আৰু বেংকত যাৱতীয় ভুৱা নথি জমাও দিয়ে তেওঁলোকে৷
অভিযুক্তৰ চুৰিৰ টকাৰ পৰা ৩৫ লাখ টকা দি এখন SUV বাহনো কিনিছে৷ বিষয়টো ভাইৰেল হওঁতেই আৰক্ষীয়ে তদন্তত নমাৰ খবৰ পায়েই অভিযুক্তই বাহন লৈ পলায়ন কৰিছে৷ ইতিমধ্যেই আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ