ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে দুখীয়া আৰু পিছপৰা মানুহৰ সহায়তাৰ বাবে বহু কল্যাণমূলক প্ৰকল্প আৰম্ভ কৰিছে৷ তেনে এটি প্ৰকল্পই হৈছে জননী সুৰক্ষা যোজনা৷ ইয়াৰ আওঁতাত দুখীয়া গৰ্ভৱতী মহিলাই চৰকাৰী হাস্পতালত সন্তান প্ৰসৱ কৰিলে তেওঁলোকক নগদ আৰ্থিক সহায়তা দিয়া হয়৷
বন্ধ্যাকৰণ কৰালেও দিয়া হয় অনুদান৷ আশ্চৰ্যৰ বিষয় এয়াই যে এই প্ৰকল্পক ব্যৱহাৰ কৰি উত্তৰপ্ৰদেশ আগ্ৰাত এনে এক ভয়ংকৰ জালিয়াতিৰ ঘটনা সন্মুখলৈ আহিছে৷ আশ্চৰ্যৰ বিষয় এয়াই যে এই প্ৰকল্প ব্যৱহাৰ কৰি উত্তৰপ্ৰদেশৰ আগ্ৰাত এনে এক ভয়ংকৰ জালিয়াতিৰ ঘটনা সন্মুখলৈ আহিছে৷
ফাতেহাবাদৰ এগৰাকী মহিলা, নাম কৃষ্ণা কুমাৰী৷ তেওঁৰ নাম ব্যৱহাৰ কৰি মাত্ৰ ২.৫ বছৰত ২৫ বাৰ সন্তান জন্ম আৰু ৫ বাৰ বন্ধ্যাত্বকৰণৰ নামত টকা তোলা হৈছে৷ জননী সুৰক্ষা যোজনাৰ আওঁতাত এই সমস্ত লেনদেন কৰা হৈছে৷ এইসমূহ অৰ্থ কৃষ্ণা কুমাৰীৰ নামৰ বেংক একাউণ্টত জমা দিয়া হৈছে৷ ইমান ঘনে ঘনে এগৰাকী নাৰীয়ে কেনেকৈ সন্তান জন্ম দিব পাৰে সেই বিষয়টোক লৈ সন্দেহ হয় অডিট টিমৰ৷
সন্দেহৰ ভিত্তিতেই অডিট ৰিপৰ্ট দিয়া বিভাগে তদন্ত আৰম্ভ কৰে৷ তাতেই দেখা যায় যে স্বাস্থ্যকেন্দ্ৰৰ কিছু অসাধু কৰ্মীয়ে এগৰাকী মহিলাৰ নামতেই বাৰে বাৰে সন্তান জন্ম আৰু বন্ধ্যাত্বকৰণৰ নথি বনাই টকা তুলিছে আৰু নিজৰ মাজত ভাগ কৰি লৈছে৷ এই দুৰ্নীতি সন্মুখলৈ অহাৰ পাছতেই দায়ীসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়৷ প্ৰশ্নও উঠে এই স্বাস্থ্যকেন্দ্ৰত কিমানদিন ধৰি এনেকৈ চৰকাৰী অৰ্থৰ লুণ্ঠন হৈ আছে? স্বচ্ছতা আৰু মানৱিকতাৰ নামত আৰম্ভ হোৱা এই প্ৰকল্প যেতিয়া দুৰ্নীতিৰ স্বৰ্গৰাজ্য হৈ থিয় হয় তেতিয়া সাধাৰণ মানুহে কেনেকৈ কাৰ ওপৰত ভৰসা কৰিব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ