অসম লাইভ২৪ঃ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ-১৩ৰ প্ৰতিযোগী আৰতি সিঙৰ বিয়া এতিয়া বলীউডৰ অন্য়তম ট্ৰেণ্ডিং খবৰ। আৰতি সিঙৰ মেহেন্দি ছেৰিমনিৰ পৰা বিবাহলৈকে সকলোবোৰ ছবিয়েই এতিয়া সামাজিক মাধ্যমত ভাইৰেল। বহু নামী-দামী চেলিব্ৰিটিয়ে ভিৰ কৰা এই অনুষ্ঠানৰ ছবিৰ মাজত সকলোৱে চাবলৈ ইচ্ছা কৰিছিল এখন বিশেষ মুখ। সেই মুখ আন কাৰো নহয় তেওঁ গোবিন্দ। বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা আৰতি সিং আৰু কৃষ্ণ অভিশেখৰ মোমায়েক গোবিন্দ।
বহু প্ৰত্যাশিত অতিথি গোবিন্দক অৱশেষত দেখা গ’ল ভাগিনীয়েক আৰতিৰ বিবাহ অনুষ্ঠানত। ২৫ এপ্ৰিলৰ নিশা, গোবিন্দই এই বিবাহৰ অনুষ্ঠানত উপস্থিত হৈ কইনা আৰু দৰাক আশীৰ্বাদ দিয়ে। বিগত চাৰি বছৰ ধৰি গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতাৰ আৰতিৰ ভাতৃ কৃষ্ণ অভিষেক আৰু কাশ্মীৰাৰ সৈতে বিবাদ চলি আছে। কিন্তু সেই বিবাদ আঁতৰাই আৰতিৰ বিবাহৰ অনুষ্ঠানলৈ আহে গোবিন্দ।
আৰতিৰ বিবাহৰ অনুষ্ঠানলৈ কোন কোন আহিল?
আৰতিয়ে ৭বছৰ ধৰি ডেট কৰি আছিল মুম্বাইৰ ব্য়ৱসায়ী দীপক চৌহানক। অৱশেষত তেওঁলোক প্ৰেমে বিবাহেৰে পূৰ্ণতা পাইছে। বিবাহৰ এই বিশেষ অনুষ্ঠানত আৰতি আৰু দীপকক আশীৰ্বাদ জনাবলৈ সেই স্থানত উপস্থিত হয় কপিল শৰ্মা, অৰ্চনা পুৰাণ সিং, পাৰছ ছাবৰা, মাহিৰা শৰ্মা, তুষাৰ কাপূৰ, প্ৰিয়ংকা ছাহাৰ চৌধুৰী, অংকিতা গুপ্তা, ছেফালি জেৰিৱালা, বাবা ছিদ্দিকি, বিপাশা বসু, কৰণ সিং গ্ৰোভাৰসহ কেইবাজনো তাৰকা। এই সকলোবোৰ চেলিব্ৰিটিৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মুখ হৈছে গোবিন্দ। গোবিন্দ বিবাহত উপস্থিত হোৱাক লৈ কৃষ্ণ অভিষেকে কয়, ‘ আমি সকলো সুখী। মামা আহিছে সেয়াই বহুত। মই মামাক দেখি খুবেই সুখী হৈছো। আমাৰ মাজত মানসিক সংযোগ আছে।’
এই সন্দৰ্ভত কৃষ্ণৰ পত্নী কাশ্মীৰাই কয়, ‘মই মামাৰ ভৰি ছুই সেৱা জনালো। তেওঁ খুব ভাল মানুহ। তেওঁ আহি আমাৰ লগতে আমাৰ সন্তান দুটাকো আশীৰ্বাদ দিছে। আমি আজি খুবেই সুখী।’
২০১৬ চনৰ এটা ঘটনাত ফাঁট মেলিছিল সম্পৰ্কৰ
গোবিন্দ আৰু কৃষ্ণৰ মাজত সম্পৰ্কত ভাঙোন আহিছিল ২০১৬ চনত। সেই সময়ত গোবিন্দই তেওঁৰ চিনেমা প্ৰচাৰৰ বাবে এটা টিভি শ্বত অংশগ্ৰহণ কৰিছিল। কৃষ্ণৰ সঞ্চালনাত থকা কমেডি নাইটছ লাইভ শ্বৰ পৰিবৰ্তে তেওঁ দ্যা কপিল শৰ্মাৰ শ্বক দেখা গৈছিল পত্নী সুনিতা আৰু কন্যা টিনাৰ সৈতে। ইয়াৰ পাছতেই মিডিয়াৰ সন্মুখত এজনে আনজনক গালি-গালাজ কৰি আহিছে। কিন্তু আৰতিৰ বিয়াৰ সময়ত সেই মনোমালিন্য পাহৰি একলগ হৈছে পৰিয়ালটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ