অসম লাইভ২৪ঃ আমি প্ৰত্যেকেই কিবা নহয় কিবা চাপতেই জীয়াই থাকো। অফিচৰ কামৰ চাপ, সংসাৰৰ দায়িত্বৰ চাপ, মানসিক বিভিন্ন চাপ আমাৰ থাকেই। ইয়াৰ ফলত আমি মানসিকভাৱে ক্লান্ত হৈ পৰো। বিভিন্ন সৰু সৰু সমস্য়াইয়ো মনত অশান্তিৰ সৃষ্টি কৰে। এই অশান্তিয়েই মনত নিগেটিভ চিন্তাভাৱনা আনে। মন অশান্ত হ’লে কোনো কামেই আমি ভালকৈ কৰিব নোৱাৰো।
এনে সমস্যাই কোঙা কৰিলে আমি প্ৰত্যেকেই এটা কথা মনত ৰখা জৰুৰী যে জীৱনত সমস্যা আহিবই। সমস্যা অবিহনে জীৱন অসম্ভৱ। কিন্তু এই সকলোবোৰ সমস্যাক উপেক্ষা কৰি যিসকলে নিজৰ কাম স্থিৰভাৱে কৰি যায় তেওঁলোকে জীৱনত সফলতা লাভ কৰে। ইয়াৰোপৰি আমি মনত ৰাখিব লাগে যে মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা কেৱল আমাৰ নিজৰ হাতত। মনক কেনেকৈ শান্ত কৰি ৰাখিব?
যোগ বা ধ্যান
আপোনাৰ মন কি প্ৰায় সকলো সময়তে অশান্ত হৈ থাকে। তেন্তে নিজৰ দৈনিক ৰুটিনত যোগভ্যাস আৰু ধ্যানক সামৰি লওক। মন শান্ত কৰাৰ সকলোতকৈ উপযোগী প্ৰক্ৰিয়া হৈছে ধ্যান কৰা। নিয়মিত ধ্যান কৰিলে মনঃসংযোগ কৰাৰ ক্ষমতা বৃদ্ধি পায়। যোগভ্য়াসে কেৱল আমাক শাৰীৰিকভাৱেই সুস্থ ৰাখে তেনে নহয় মনকো শান্ত আৰু নিয়ন্ত্ৰিত কৰি ৰাখে। নিয়মিত প্ৰাণায়াম আৰু ধ্যান কৰিলে মনৰ অৱসাদ আৰু উদ্বেগ কমে।
পজিটিভ চিন্তা
পজিটিভ চিন্তা কৰিলে মনৰ পৰা নিগেটিভ চিন্তা দূৰ হয়। কঠিন সময়ত মনক নিয়ন্ত্ৰণত ৰখা খুবেই জৰুৰী। আপুনি যদি মনক শান্ত কৰিব বিচাৰে তেন্তে মনৰ পৰা নিগেটিভ চিন্তা আঁতৰাই দিয়ক। সকলো সময়তে পজিটিভ চিন্তা কৰক আৰু আশাবাদী হওক। কোনোৱে আপোনাৰ উপকাৰ কৰিলে সেই ব্যক্তিৰ প্ৰতি কৃতজ্ঞ হওক। জীৱনৰ সুন্দৰতাৰ দিশটোত মনোযোগ দিয়ক।
স্বাস্থ্যকৰ জীৱনযাত্ৰা
স্বাস্থ্যকৰ জীৱনযাত্ৰাই আপোনাৰ জীৱনক বিভিন্নধৰণে উপকৃত কৰিব পাৰে। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে মজবুত থাকিব। পুষ্টিকৰ খাদ্য বেছিকৈ খাওক, নিয়মিত ব্য়ায়াম কৰক আৰু দিনে অন্তত ৭-৮ ঘণ্টা ভালকৈ শোৱক। মদ্য়পান, ধূমপান বৰ্জন কৰক।
অনুভূতিৰ প্ৰকাশ
নিজৰ মনৰ অনুভূতি চেপি নাৰাখিব বৰং সেয়া প্ৰকাশ কৰক। মনৰ অনুভূতি প্ৰকাশ কৰিলে মন শান্ত হয়। অন্যৰ সৈতে কথা পাতিলে মনৰ কথাবোৰ ভগাই ললে মন বহুপৰিমাণে শান্ত হয়। বহুতেই নিজৰ মনৰ কথা লিখি বা ছবি আঁকি প্ৰকাশ কৰে। আপুনি নিজৰ মনৰ অনুভূতি প্ৰকাশ কৰিবলৈ অসুবিধাৰ সন্মুখীন হলে ভাল কোনো মানসিক ৰোগৰ চিকিৎসকৰ সৈতে কথা পাতক।
ভালপোৱা কামবোৰ কৰক
মন যদি অশান্ত থাকে তেন্তে যি কৰিলে ভাল লাগে সেই কামেই কৰক। গান শুনিব পাৰে। কিতাপ পঢ়িব পাৰে, ছবি আঁকিব পাৰে, প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। এনেকৈ থাকিলে আপোনাৰ মন বহুপৰিমাণে শান্ত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ