কাইলৈৰ পৰা পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য! চৰকাৰৰ বিশেষ সিদ্ধান্ত
কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ ৰাইজক মাধমাৰ দি বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য। এক বিশেষ সিদ্ধন্ত গ্ৰহণ কৰিছে চৰকাৰে।
আজি ৭ এপ্ৰিল তাৰিখে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ ফালৰ পৰা এক জাননী জাৰি কৰি দিয়া হৈছে। জাননী অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে।
চৰকাৰী আদেশ অনুসৰি সোমবাৰে চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰে।
পেট্ৰ’লৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকা আৰু ডিজেলৰ আবকাৰী শুল্ক ১০ টকালৈ বৃদ্ধি কৰা বুলি আদেশত উল্লেখ কৰা হৈছে।
অৱশ্যে খুচুৰা মূল্যত ইয়াৰ কি প্ৰভাৱ পৰিব সেই আদেশত কোৱা হোৱা নাই যদিও উদ্যোগৰ সূত্ৰই কয় যে খুচুৰা মূল্য সলনি হোৱাৰ সম্ভাৱনা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ