অসম লাইভ ২৪ঃ শিশুৰ শৰীৰত ক’ৰ্বেভেক্সৰ পৰীক্ষণত নিষেধাজ্ঞা কেন্দ্ৰৰ। বুধবাৰে কেন্দ্ৰীয় ড্ৰাগছ নিয়ন্ত্ৰক সংস্থাৰ বিশেষজ্ঞ কমিটিয়ে নিষেধাজ্ঞা প্ৰদান কৰে ছিৰাম ইনষ্টিটিউটক। ২ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত কোভিড ভেকচিন কৰ্বেভেক্সৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলত আৰোপ কৰে নিষেধাজ্ঞা। সোমবাৰে ছিৰাম ইনষ্টিটিউটে DCGIক ২-১১ বছৰ বয়সৰ ৪৬০টা শিশু আৰু ১২-১৭ বছৰ বয়সৰ ৪৬০টা কিশোৰৰ দেহত পৰীক্ষণৰ বাবে অনুমতি বিচাৰিছিল। কিন্তু অনুমতি প্ৰদানত অস্বীকাৰ কৰে কেন্দ্ৰৰ বিশেষজ্ঞ কমিটিয়ে। DCGIৰ মতে অন্য দেশে ক’ৰ্বেভেক্সক বৰ্তমানলৈকে মান্যতা প্ৰদান কৰা নাই। গতিকে প্ৰথমে ১৮ ঊৰ্দ্ধৰ ব্যক্তিৰ শৰীৰত ভেকচিনৰ প্ৰভাৱ সন্দৰ্ভত বিস্তাৰিতভাৱে জনাৰ পাছতহে শিশুক ক’ৰ্বেভেক্স প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়ে বিশেষজ্ঞ কমিটিয়ে। আমেৰিকাৰ ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠান নোভাভেক্সৰৰ সৈতে ছিৰাম ইনষ্টিটিউটে যুটীয়াভাৱে তৈয়াৰ কৰিছিল ক’ৰ্বেভেক্স। চেপ্তেম্বৰৰ পৰা প্ৰাপ্তবয়স্ক লোকক ক’ৰ্বেভেক্স প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে আদৰ পুনাৱালাই। ইতিমধ্যেই সম্পন্ন কৰা হৈছে পৰীক্ষণ প্ৰক্ৰিয়া। তাৰ পাছতেই শিশুৰ দেহত পৰীক্ষণৰ অনুমতি বিচাৰিছিল ছিৰাম ইনষ্টিটিউটে। কিন্তু সম্প্ৰতি অনুমতি প্ৰদানত অস্বীকাৰ কৰে ড্ৰাগছ কনণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ বিশেষজ্ঞ কমিটিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ