অসম লাইভ ২৪ঃ ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ৷ আকৌ বাঢ়িব দৰমহা৷ ৰাজ্যিক কৰ্মচাৰীসকলৰ অতিৰিক্ত ৩ শতাংশ DA আৰু DR বৃদ্ধিৰ ঘোষণা ৰাজ্য চৰকাৰৰ৷ ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলী পেঞ্চনাৰসকল লাভান্বিত হ’ব ইয়াৰ জৰিয়তে৷ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত৷ বৃহস্পতিবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ ৩ শতাংশ DA আৰু DR বৃদ্ধি কৰিছিল৷ ৪৭.১৪ কৰ্মচাৰী আৰু ৬৮.৬২ পেঞ্চনাৰৰ বাবে অনুমোদন জনাইচিল কেন্দ্ৰীয় কেবিনেটে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল ৰাজ্যৰ কৰ্মচাৰী পৰিষদে৷ অৱশেষত ৰাজ্যিক কৰ্মচাৰীৰ DA আৰু DR বৃদ্ধি ৩ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















