৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান
সেউজীয়া ৰঙৰ এটা ধুমকেতু যিয়ে এতিয়া বৈজ্ঞানিক সকলৰ বাবে কিছু চিন্তাৰ কাৰণ হৈ পৰিছে। লাহে লাহে পৃথিৱীৰ দিশে অগ্ৰসৰ হৈছে বিশালকায় ধুমকেতুটো। ইয়াৰ নাম ১২/Pons-Brook.যাক বৈজ্ঞানিকে সহজ ভাষাত গ্ৰীণ ডেভিল কমেট নাম দিছে।
বৰ্তমানে ই সূৰ্যৰ ফালে মুখ কৰি গৈ আছে, লাহেকে ইয়াৰ দিশ সলনি হৈ পৰিব আৰু পৃথিৱীৰ দিশে অগ্ৰসৰ কৰিব। ই সম্পূৰ্ণ ৰূপে বৰফেৰে আবৃত্ত। ইয়াৰ চাৰিওফালে সেউজীয়া ৰঙৰ উজ্জল পোহৰ আছে যি জলন্ত সেইউজীয়া অগ্নিৰ দৰে দেখা গৈছে।
এই ধুমকেতুটোৰ আকাৰ এখন চহৰৰ সমান। ইয়াৰ দৈৰ্ঘ্য কমেও ১৭ কিলোমিটাৰ মান হ’ব পাৰে বুলি অনুমান কৰিছে মহাকাশ বৈজ্ঞানিকে। ইয়াৰ ভিতৰত কেৱল বৰফ আৰু শিল আছে। ই সূৰ্যৰ চাৰিওফালে ৭১ বছৰৰ মূৰকত এপাক ঘুৰে।
ই বৰফেৰে নিৰ্মিত বাবে সূৰ্যৰ অধিক তাপ পালেই ই মাজে মাজে ফোৱাৰা এৰি দিয়ে, যাকেই দেখাত ইয়াৰ নেজৰ দৰে লাগে। ইয়াৰ পূৰ্বে এই ধুমকেতু টো ৬৯ বছৰৰ পূৰ্বে দেখা গৈছিল। পাছে এইবাৰ ইয়াক পূৰ্বৰ তুলনাত অধিক উজ্জ্বল দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ