অসম লাইভ২৪ঃ গাজা ভূখণ্ডৰ দক্ষিণ ৰাফাত পেলেষ্টাইনী শৰণাৰ্থীসকলৰ শেষ ঠিকনাত ইজৰাইলী সেনাই স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰাৰ লগে লগেই সষ্টম হৈছে আমেৰিকা। বুধবাৰে আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেন চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃত্তিমতে ইজৰাইললৈ অস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহ বন্ধ কৰিছে আমেৰিকাই৷
আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড অষ্টিনে বুধবাৰে জনোৱা অনুসৰি সাময়িকভাৱে তেওঁলোকে ইজৰাইলী সেনাক অস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহ বন্ধ কৰিছে৷ অৱশ্যে এই সিদ্ধান্তৰ কাৰণ স্পষ্টৰূপে জনোৱা নাই আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে৷ আমেৰিকাৰ সংবাদমাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি ইজৰাইললৈ সৰবাৰহৰ বাবে আমেৰিকাই সাজু কৰি ৰাখিছে ১ কোটি ৮০ হাজাৰ লাখ ২ হাজাৰ পাউণ্ডৰ অস্ত্ৰ আৰু ১৭লাখ ৫০০ পাউণ্ড ওজনৰ বোমা আৰু বিস্ফোৰক৷
পেলেষ্ঠাইনৰ স্বাধীনতাৰ দাবীত সক্ৰিয় সশস্ত্ৰ বাহিনী হামাছক নিৰ্মূল কৰাৰ ঘোষণা কৰি ইজৰাইলী টেংক ৰাফা বৰ্ডাৰত সাজু হৈ আছে৷ তেওঁলোকে ৰাফা দখলৰ অভিযান আৰম্ভও কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা যে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাটো ভাল হোৱা নাই৷ ইয়াৰ ফলত বহু নাৰী, শিশুসহ সাধাৰণ নাগৰিক হতাহত হ’ব পাৰে৷
বুধবাৰে হোৱাইট হাউছৰ তৰফৰ পৰা এক বিবৃত্তিযোগে নেতানিয়াহু চৰকাৰৰ সিদ্ধান্তক সমালোচনাও কৰা হৈছে৷ বিবৃত্তিত কোৱা হৈছে যে গাজাৰ বাসিন্দাসকলৰ মানবিক সংকটক লৈ আমেৰিকাৰ উদ্বেগক ইজৰাইলে গুৰুত্ব দিয়া নাই৷ হোৱাইট হাউছৰ এগৰাকী মুখপাত্ৰই কয়, ৰাফাত ১০ লাখৰো বেছি পেলেষ্টাইনী লোকে আশ্ৰয় লৈ আছে৷ তেওঁলোক কলৈ যাব? যাবলৈ তেওঁলোকৰ আৰু কোনো স্থানো নাই৷
উল্লেখ্য যে ইজৰাইলত চলি থকা যুদ্ধৰ ভয়াৱহতাৰ বাবেই অক্টোবৰত মিচৰ সীমান্তবৰ্তী ৰাফা চহৰলৈ উত্তৰ আৰু মধ্য গাজাৰ বহু লোক পলাই আহিছিল৷ গাজা এৰি আহিছিল ১২ লাখ পেলেষ্টাইনীয়ে৷ এইসকলৰ অধিকাংশই ৰাফা বৰ্ডাৰৰ কাষত গঢ়ি তোলা বিভিন্ন শৰনাৰ্থী শিবিৰত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















