অসম লাইভ ২৪ঃ সপ্তাহৰ জঘন্যতম দিন হৈছে সোমবাৰ৷ বিশ্বৰ বেছিভাগ দেশৰেই সপ্তাহৰ আৰম্ভণিৰ দিন হিচাপে সোমবাৰক ধৰা হয়৷ এই আৰম্ভণিৰ দিনটোকেই সপ্তাহটোৰ জঘন্যতম দিন হিচাপে গীনিজ বুক অৱ ৰেকৰ্ডত লিখা হৈছে৷ সংস্থাটোৰ মতে সপ্তাহৰ আটাইতকৈ বাজে দিনেই হৈছে সোমবাৰ৷
চৰকাৰী নিয়ম অনুসৰি বেছিভাগ দপ্তৰতেই কৰ্মৰ আৰম্ভণিৰ দিন সোমবাৰ আৰু শেষ দিন হৈছে শুকুৰবাৰ৷ সপ্তাহটোৰ দেওবাৰ আৰু শনিবাৰে প্ৰায়সংখ্যক চৰকাৰী কাৰ্যালয়ে বন্ধ থাকে৷ বহু বেচৰকাৰী সংস্থাইয়ো এই নিয়ম মানি চলে৷ সোমবাৰক পৃথিৱীৰ সমূহ চাকৰিয়ালেই বেয়া পায়৷ শনি আৰু দেওবাৰৰ ছুটিৰ পাছত অফিচ যাবলৈ প্ৰায়সকলেই অনিহা প্ৰকাশ কৰে৷ প্ৰায়েই এই বিষয়টোক লৈ সামাজিক মাধ্যমতো একাংশই চৰ্চা চলোৱা দেখা যায়৷ গীনিজ বুক অৱ ৰেকৰ্ডছে কিয় এই দিনটোক কিয় জঘন্য দিন বুলি ঘোষণা কৰিছে?
প্ৰায়সময়তে দেখা যায় যে গীনিজ বুক অৱ ৰেকৰ্ডছে পৃথিৱীৰ আশ্চৰ্যজনক ঘটনাসমূহক স্বীকৃতি দি আহিছে৷ বিশ্বৰ সকলোতকৈ দীঘল মানুহ, সৰ্বাধিক দীঘল চুলি আদিৰ দৰে অদ্ভুত ঘটনা একোটাক এই সংস্থাই স্বীকৃতি দিয়ে৷ কেৱল মানুহেই নহয় অদ্ভুত প্ৰাকৃতিক ঘটনা একোটাকো এই সংস্থাই স্বীকৃতি দিয়ে৷ শেহতীয়াভাৱে সপ্তাহৰ জঘন্যতম দিন বুলি সোমবাৰক স্বীকৃতি দিয়া গীনিজ বুক অৱ ৰেকৰ্ডছে কেইবাবছৰ ধৰি পৃথিৱীৰ চাকৰিয়ালসকলৰ মাজত সমীক্ষা চলাই আহিছিল৷
উল্লেখ্য যে গীনিজ বুক অৱ ৰেকৰ্ডছে এই টুইট কৰাৰ পিছতেই সামাজিক মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ বিশ্ববাসীয়ে এই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰাৰ সময়তে বহুতেই কৈছে সোমবাৰতকৈ বুধবাৰ দিনটোহে বেছি বিৰক্তিকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ