অসম লাইভ ২৪ঃ ‘মোক হনুমান, জেমছ বণ্ড কৈ লাভ নাই৷ সাতদিন মই জেলত থাকিছো৷ জেলত থকাৰ কষ্ট কি মই বুজিছো৷ সমালোচনা কৰাসকলে তাত থাকি পোৱা নাই৷ ফাইনেল ৰিজাল্ট এতিয়াও পোৱা নাই৷ প্ৰথম ঢাপটো পাৰ হৈছে৷ লাচিত নগৰত চিঞৰিছো চিঞৰটো দিছপুৰলৈ শুনিছে৷ প্ৰথম ঢাপ পাৰ হোৱাটোক আমি উদযাপন কৰিমেই৷ ভিক্টৰ দাসে এনেই চিঞৰি থকা নাছিল৷’
ভিক্টৰ দাসে অসম লাইভ ২৪-ৰ সাংবাদিকৰ আগত নিযুক্তি প্ৰক্ৰিয়াত নিজৰ ইনষ্টিটিউটৰ সফলতাৰ কথা প্ৰকাশ কৰি এই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ ওপৰিও কয়, ‘মই পৰীক্ষা দিয়া নাই৷ আদা-হালধি বেপাৰী ধৰি থাকোতে মাৰ্কেটত আমৰ বজাৰ চলি আছিল৷ যি সময়ত আমাৰ চাহিদা আছিল তেতিয়া আদা-হালধি বেপাৰীৰ চৰ্চা হৈ আছিল৷ ষ্টুডেণ্টসকলৰ ৰিজাল্ট ভাল কৰাবলৈ আমি চেষ্টা কৰিছিলো৷ প্ৰথমবাৰৰ বাবে এটা ইনষ্টিটিউটৰ পৰা ১০০০ ষ্টুডেণ্টে নিযুক্তি পৰীক্ষাত পাছ কৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ