অসম লাইভ ২৪ঃ জঘন্য! এটাৰ পিছত আনটো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে দেশত৷ শিঁহৰণকাৰী এক ধৰ্ষণকাণ্ডই পুনৰ জোঁকাৰি গৈছে উত্তৰ প্ৰদেশক৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই জঘণ্য ঘটনা৷ এগৰাকী মহিলাক ৫ টাকৈ পাষণ্ডই ধৰ্ষণ কৰি মোনাত ভৰাই দলিয়াই থৈ যোৱা ঘটনাক লৈ দেশজুৰি চৰ্চা৷
দেশত সুৰক্ষিত নহ’বই নেকি নাৰী? গাজিয়াবাদত পাঁচ ধৃতই অপহৰণ কৰি নিছিল যুৱতীগৰাকীৰ৷ দিল্লীৰ যুৱতীগৰাকীক দুদিন ধৰি দলবদ্ধ ধৰ্ষণ কৰি গুপ্তাঙ্গত ৰ’ড সোমোৱাই বাটৰ কাষত পেলাই হৈ যায় ধৰ্ষণকাৰী দলটোৱে৷ ঘটনা সম্পৰ্কত দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে টুইটযোগে উল্লেখ কৰিছে এই শিঁহৰণকাৰী ঘটনাৰ কথা৷ ধৰ্ষণকাণ্ডত জৰিত ৪ পাষণ্ডক আটক কৰিছে যদিও এটা এতিয়াও পলাতৰ বুলি টুইটযোগে উল্লেখ কৰিছে স্বাতী মালিৱালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ