অসম লাইভ২৪ঃ বছৰটোৰ শেষ দিন। এই বৰ্ষত দেশত সৰ্বাধিক লোকৰেই মৃত্যুৰ কাৰণ যদি চোৱা যায় তেন্তে সেয়া হাৰ্ট এটেক। বছৰৰ শেষৰ দিনটোতো সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা। এখন SUV বাহনৰ সৈতে বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্বিসহ দুৰ্ঘটনাত বৰ্তমানলৈ ৯ জন লোক মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ আহমেদাবাদত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ মূল কাৰণেই হৈছে হাৰ্ট এটেক৷ এই দুৰ্ঘটনাত আহত হোৱা লোকৰ সংখ্যা ৩২ জন বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷
শনিবাৰে পুৱাৰভাগত সংঘটিত হৈছে এই দুৰ্ঘটনা৷ প্ৰাথমিক তদন্তৰ অন্তত দাখিল কৰা প্ৰতিবেদনমতে বাছ চলাই থকা অৱস্থাতেই হঠাতেই ষ্টাইৰিঙত পৰি যায় বাছ ড্ৰাইভাৰগৰাকী৷ তেনেতেই আন দিশৰ পৰা SUV-বাহনৰ সৈতে খুন্দা লাগে৷ আহত আটাইকেইগৰাকীকে আহমেদাবাদৰ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইপিনে দুৰ্ঘটনা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহেও বিশেষ টুইট কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ