মুনমী বৰাঃ গুজৰাটত অব্যাহত আছে মুষলধাৰ বৰষুণ৷ ৰাজ্যখনৰ ৬খন জিলাত হোৱা মুষলধাৰ বৰষুণত প্ৰায় ৬১জন লোকৰ মৃত্যু হৈছে।
যাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় দিনাও সৰ্বদলীয় বৈঠকৰ আহ্বান জনায় মন্ত্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে ।
এই বৈঠক অনুষ্ঠিত হ’ব দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যালয়ত৷ উল্লেখযোগ্য যে ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণে প্ৰভাৱিত কৰিছে হাজাৰ হাজাৰ লোকক৷
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰয়ো ইতিমধ্যে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। ৯খন জিলাত দিয়া হৈছে হাই এলাৰ্ট৷
যি কোনো বিপদৰ সন্মুখীন হ’ব পৰাকৈ সাজু হৈ আছে SDRF আৰু NDRF বাহিনী । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সকলো জিলাৰ উপায়ুক্তসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ৷
আনহাতে দক্ষিণ আৰু মধ্য গুজৰাটৰ বহু নদীৰ বৃদ্ধি পাইছে জলস্তৰ৷ইয়াৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানে লৈছে সংহাৰী ৰূপ ৷
প্ৰায় ১৫০০ লোকে বিভিন্ন অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে ৷ বন্ধ দিয়া হৈছে বিদ্যালয়-মহাবিদ্যালয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ