কিডনিক লৈ অৱহেলা কৰা একেবাৰে উচিত নহয়৷ এই অংগই শৰীৰৰ বহু কাম কৰিব পাৰে৷ এই অংগই শৰীৰৰ পৰা ক্ষতিকৰ উপাদান বাহিৰ কৰি দিয়ে৷ কেৱল সেয়াই নহয়, প্ৰেছাৰ নিয়ন্ত্ৰণ আৰু হৰমন তৈয়াৰৰ দৰে কামো কৰে৷ এই অংগক লৈ সেয়ে সচেতন হোৱা জৰুৰী৷ অতি সাধাৰণ চুলি সৰাৰ সমস্যাও কিডনিৰ বিপদৰ লক্ষণ হ’ব পাৰে৷ আৰু এই তথ্য বহুতেই নাজানে৷
কিডনিৰ অসুখৰ সৈতে জড়িত চুলিসৰা
কিডনি বেয়া হলে শৰীৰে ঠিকমতে পুষ্টি গ্ৰহণ কৰিব নোৱাৰে৷ ইয়াৰোপৰি ক্ষতিকৰ উপাদান দেহত জমা হয়৷ যাৰ ফলত চুলি সৰে৷ ইয়াৰোপৰি চুলি পাতল হৈ যাব পাৰে৷ এই পৰিস্থিতিত সাৱধান হ’ব৷ দ্ৰুততৰ ভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷ অন্যথা নিজেও কিডনিৰ টেষ্ট কৰাওক৷ কিডনিৰ সমস্যা থাকিলে সেয়া ধৰা পৰি যাব৷ সেই মতেই চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসাত কৰাওক৷
কিডনি ডিজিজত চুলি সৰে
ইতিমধ্যেই যিসকলে কিডনিৰ অসুখত আক্ৰান্ত তেওঁলোকৰ দ্ৰুত গতিত চুলি সৰে৷ আৰু এনে হোৱাৰ আঁৰত একাধিক কাৰণ আছে৷ যেনে ধৰক-
১. কিডনিয়ে শৰীৰৰ পৰা টক্সিন বাহিপ কৰি দিয়ে৷ কেৱল সেয়াই নহয়, ইলেকট্ৰলাইটছ বেলেন্স ধৰি ৰাখে আৰু মেটাবলিজম ঠিকে ৰাখে৷ কিডনিৰ কাম কৰাৰ ক্ষমতা কমি গ’লে দেহত জমা থাকে ইউৰিয়া আৰু ক্ৰিয়েটিনাইন৷ তাৰ ফলত ইউৰেমিয়া হ’ব পাৰে৷ আৰু এই টক্সিনেই শৰীৰৰ ক্ষতি কৰিব পাৰে৷ ইয়াৰোপৰি হেয়াৰ ফলিকলক দুৰ্বল কৰে৷ যাৰ ফলত চুলি সৰে৷
২. ক্ৰনিক কিডনি ডিজিজে শৰীৰৰ একাধিক জৰুৰী হৰমন আৰু পুষ্টি উপাদানৰ ভাৰসাম্য নষ্ট কৰি দিব পাৰে৷ বিশেষকৈ আয়ৰণ, জিংক আৰু ভিটামিন ডিৰ ভাৰসাম্য সলনি হৈ যায়৷ আৰু সেই কাৰণেই চুলি সৰাৰ দৰে সমস্যা হয়৷
৩. কিডনিৰ অসুখে শৰীৰৰ ওপৰত ভীষণ চাপ দিয়ে৷ ইয়াৰ ফলত হ’ব পাৰে টেলোজেন ইফলুভিয়ামৰ দৰে অসুখ৷ আৰু সেই কাৰণেই চুলি সৰিব পাৰে৷
ইয়াৰোপৰি কি়ডনিৰ অসুখে শৰীৰৰ হৰমনৰ সমস্যা তৈয়াৰ কৰিব পাৰে৷ সেই কাৰণেই চুলি সৰিব ধৰে৷ অৱশ্যে সামান্য পৰিমাণে চুলি সৰিলে ভয় নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















