ডিজিটেল ডেস্কঃ Hanuman Chalisa পঢ়াৰো আছে কিছু বিশেষ নীতি-নিয়ম। কিছু বিশেষ নীতি-নিয়ম মানি চলি হনুমান চালিছা জপ কৰিলেহে ইয়াৰ পৰা সঠিক প্ৰতিকাৰ লাভ কৰিব পাৰি। জানো আহক হনুমান চালিছা কেনেকৈ, কি সময়ত জপ কৰিলে অধিক লাভালাভ হয়।
২. শাস্ত্ৰত উল্লেখ কৰা অনুসৰি, প্ৰতিদিনে ৰাতিপুৱা শুই উঠি ৭বাৰকৈ হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিক কোনো ভয়ে ভীতিগ্ৰস্থ কৰিব নোৱাৰে। এনে কৰিলে ভয়ৰ পৰা মুক্তি লাভ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত।
৩. জ্যোতিষ শাস্ত্ৰ অনুসৰি, নিয়মিত হনুমান চালিছা ৭বাৰকৈ জপ কৰিলে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিয়ে থিতাপি লয়।
৪. প্ৰচলিত অনুসৰি হনুমান চালিছা পাঠ কৰিলে এখন ঘৰত সুখ-শান্তি আৰু সমৃদ্ধি লাভ হয়। প্ৰতিদিনে ব্যস্ততাৰ মাজতো এবাৰ হলেও হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিয়ে আভ্যন্তৰীণ শান্তি লাভ কৰে বুলিও এক প্ৰবাদ আছে।
৫. প্ৰতিদিনে সাতবাৰকৈ হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিৰ আৰ্থিক স্থিতি যথেষ্ট সবল হয় বুলি ধৰা হয়। ব্যৱসায় কৰা লোকৰসকলে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে কোনো চাকৰিয়ালে এনে কাম কৰে তেন্তে তেওঁলোকে কম সময়ৰ ভিতৰতে সেই দিশত সুখবৰ লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ