অসম লাইভ ২৪ঃ আজি বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিঙৰ জন্মদিন। হিন্দী আৰু বঙালীৰ কেবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰা এইগৰাকী কণ্ঠশিল্পীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ৬ বাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। সুমধুৰ কণ্ঠৰ জৰিয়তে হাজাৰ হাজাৰ শ্ৰোতাৰ প্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে আজি পালন কৰিলে ৩৪ বছৰীয়া জন্মদিন। জন্মদিনৰ দিনটোত জানো আহক কণ্ঠশিল্পীগৰাকীৰ ব্যক্তিগত জীৱনৰ কিছু কথা। সাধাৰণতে ব্যক্তিগত জীৱন মিডিয়াৰ পৰা লুকুৱাই ৰাখে অৰিজিতে। ৰোমাণ্টিক গীতেৰে সকলোকে মুগ্ধ কৰা অৰিজিতৰ ব্যক্তিগত জীৱনতো যেন এজন ৰোমাণ্টিক ব্যক্তি। প্ৰথম পত্নী ৰূপৰেখা বেনার্জীৰ সৈতে বিচ্ছেদ হোৱাৰ পাছতে অৰিজিতে বিবাহ কৰায় শৈশৱৰ বান্ধৱী কোৱেল ৰায়ক। ২০১৪ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় কণ্ঠশিল্পীগৰাকী। কোয়েল ৰায়ৰো ইয়াৰ পূর্বে হৈছিল প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ। অৰিজিতৰ সৈতে বিবাহৰ পূর্বে কোয়েলৰ আছিল এটা সন্তান। উল্লেখযোগ্য যে এই বিবাহ বহুদিনলৈকে সকলোৰে পৰা লুকুৱাই ৰাখিছিল কণ্ঠশিল্পীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ