অসম লাইভ২৪ঃ ভাৰতসহ দক্ষিণ পূব এছিয়াত ধুমধামেৰে পালন কৰা হয় বুদ্ধ পূৰ্ণিমা৷ হিন্দু ধৰ্মতো এই পূৰ্ণিমাৰ মাহাত্ম্য আছে৷ গৌতম বুদ্ধৰ জন্মবাৰ্ষিকী উপলক্ষে পালিত হয় বুদ্ধ পূৰ্ণিমা৷ বৈদিত পঞ্জিকামতে ২৩মেচ পালিত হ’ব বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী৷ এই দিনটোত গৌতম বুদ্ধৰ জন্ম৷ বুদ্ধ পূৰ্ণিমাৰ এই শুভ ক্ষণতেই জানি থওক বুদ্ধৰ কেইটামান বাণী৷
গৌতম বুদ্ধৰ বাণী
- আপোনাৰ খঙৰ বাবে আপোনাৰ শাস্তি কোনোৱে নিদিয়ে আপোনাৰ খঙেই আপোনাৰ শাস্তি৷
- যদি আপুনি কাৰোবাৰ বাবে এটা প্ৰদীপ জ্বলাই তেন্তে আপোনাৰ পথো সেই চাকিৰ পোহৰে পোহৰাই ৰাখিব৷
- প্ৰতিদিনে পুৱাই আমি এবাৰ জন্মগ্ৰহণ কৰো, আৰু আজি আমি যি কৰি আছো সেয়াই সকলোতকৈ গুৰুত্বপূৰ্ণ৷
- সকলোতে ভালৰ সন্ধান কৰক, তেতিয়াই পৃথিৱীখন সুন্দৰ হ’ব৷
- আপুনি যিমানেই শান্ত হ’ব সিমানেই শুনিবলগীয়াও হ’ব৷
- আঁজুৰি ৰখা সামগ্ৰীহে মানুহে হেৰুৱাই, অন্যথা হেৰুৱাবলগীয়াতো একো নাই৷
- প্ৰত্যেক মানুহেই নিজৰ স্বাস্থ্য আৰু ৰোগৰ লেখক৷
- স্বাস্থ্যই সকলোতকৈ ডাঙৰ উপহাৰ, তৃপ্তি সকলোতকৈ ডাঙৰ সম্পদ, বিশ্বস্ততা সকলোতকৈ ভাল সম্পৰ্ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ