অসম লাইভ২৪ঃ ২০২০ চনত জাহাজত ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই অভিনেত্ৰী নাতাছাক প্ৰস্তাৱ দিয়াৰ ভিডিঅ’ই সামাজিকমাধ্যমত খলকনি তুলিছিল। তাৰ কিছুদিন পাছতেই নাতাশা অন্তঃসত্ত্বা হোৱাৰ খবৰে বাৰুকৈয়ে স্তম্ভিত কৰিছিল একাংশক। সকলোৰে অজ্ঞাতেই তেতিয়া হাৰ্দিকে বিবাহ কৰাইছিল নাতাশাক। পিছে সামাজিক বিবাহ ধুমধামেৰে কৰাৰ হেপাঁহ কাৰনো নাথাকে। সন্তান কিছু ডাঙৰ হোৱাৰ হাৰ্দিকে সিদ্ধান্ত ল’লে যে, সামাজিক বিবাহ এইবাৰ কৰাই যাওক। সেই সিদ্ধান্তমতেই ২০২৩ত ৰাজস্থানৰ উদয়পুৰত বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰে হাৰ্দিক পাণ্ডিয়াই।
দিল্লীত পোনতে খ্ৰিষ্টিয়ান ধৰ্মত বিবাহৰ অনুষ্ঠান আয়োজন কৰি উদয়পুৰত হিন্দু নিয়মত বিবাহৰ অনুষ্ঠানৰ আয়োজন হয়। সামাজিক হিন্দু বিবাহৰ এটা অন্যতম নিয়মেই হৈছে কইনাৰ ভগ্নীয়ে হ’বলগীয়া ভিনীয়েকৰ জোতা চুৰ কৰে। আৰু জোতাযোৰ উভতাই দিয়াৰ বাবদ এটা মাননি লয়। হাৰ্দিক নাতাশাৰ বিবাহতো এই নিয়ম কৰা হৈছিল। হাৰ্দিকে নাতাশাৰ বৌৱেকক জোতাযোৰ উভতাই দিবলৈ দিয়া মাননীয়েহে কিন্তু দৃষ্টি কাঢ়িছিল বিবাহত উপস্থিত প্ৰতিগৰাকী লোকৰ। মোটা অংকৰ ধন জোতাযোৰ উভতাই দিয়াৰ বাবদ নাতাশাৰ বৌৱেকক দিছিল হাৰ্দিকে। হাৰ্দিকক জোতাযোৰ উভতাই দিয়াৰ বাবদ নাতাশাৰ বৌৱেকে এক লাখ টকা বিচাৰিছিল। তেতিয়াই হাৰ্দিকে কয়, ‘৫লাখ টকা দিম জোতাযোৰ দিয়ক’, হাৰ্দিকে ৫লাখ টকা দিম বুলি কোৱাৰ লগে লগেই বৌৱেকেও জোতাযোৰ উভতাই দিছিল।
বিবাহৰ পাছতেই সকলোকে ধন্যবাদ জনাই হাৰ্দিক-নাতাশাই লিখিছিল, ‘ভালপোৱাৰ দ্বীপত আমি প্ৰেমৰ দিৱস উদযাপন কৰিছো। তিনিবছৰ পূৰ্বে লোৱা শপত ন’কৈ লৈছো যদিও প্ৰতিশ্ৰুতি একেখিনিয়েই। আমাৰ ভালপোৱাক উদযাপন কৰিবলৈ পৰিয়ালৰ লোকসকল উপস্থিত থকাৰ বাবে আমি নথৈ আনন্দিত।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ