ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
এফালে খেলপথাৰত বেয়া প্ৰদৰ্শনৰ বাবে বহু অনুৰাগীৰ পৰা ট্ৰোলৰ সন্মুখিন হৈ আছে আই পি এলৰ বৰ্তমানৰ কেপ্টেইন হাৰ্ডিক পাণ্ডিয়া। তাতে আকৌ ভুতৰ ওপৰত দানহ পৰা দি ভাতৃয়ে বেয়াকৈ ঠগাই থৈ যায়।
৪.২৫ কোটি টকাৰ ঠগ প্ৰৱঞ্চনা কৰে ভাতৃয়ে, যাৰ বাবে এতিয়া আৰক্ষীয়ে আটকো কৰিছে হাৰ্ডিক পাণ্ডিয়াৰ ভাতৃক। হাৰ্ডিক পাণ্ডিয়া আৰু ভাতৃ কুনাল পাণ্ডিয়াক একেলগে ঠগালে সতীয়া ভাতৃ বৈভৱ পাণ্ডিয়াই।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ২০২১ চনত সতীয়া ভাতৃ বৈভৱৰ সৈতে পাণ্ডিয়া ভাতৃদ্বয়ে এটা পলিমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছিল। সেই ব্যৱসায়ত প্ৰত্যকৰে গাইগুটিয়াকৈ ২০ শতাংশ, পাণ্ডিয়া ভাতৃৰ ৪০ শতাংশ আৰু বৈভৱৰ ২০ শতাংশ অংশিদাৰিত্ব আছিল। লগতে বৈভৱে দৈনন্দিন কাম-কাজ চোৱাচিতা কৰিবলগীয়া হৈছিল।
সেই অংশিদাৰিত্ব অনুসৰিয়ে ব্যৱসায়ৰ লাভৰ অংশও তিনিও বাতৃৰ মাজত সমানে ভাগ বতৰা কৰাৰ নিয়ম আছিল। পাছে সকলো মিছাৰ আঁৰত লুকুৱাই ৰাখি সতীয়া ভাতৃয়ে কোম্পানীত নিজৰ অংশ বৃদ্ধি কৰি লয় । ২০ৰ পৰা ৩৩ শতাংশ কৰি লয় নিজৰ অংশিদাৰিত্ব।
যাৰ বাবেই লোকচানৰ সন্মুখিন হয় পাণ্ডিয়া ভাতৃ। আৰু আৰক্ষীৰ কাষ চাপে। হাৰ্ডিক আৰু কুনালৰ গোচৰৰ পাছতেই আৰক্ষীয়ে আটক কৰে বৈভক পাণ্ডিয়াক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ