অসম লাইভ২৪ঃ ২৯ বছৰ পূৰ্বে ১৯৯৪ চনৰ ছেপ্টেম্বৰ মাহত সকলো যাত্ৰীৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হৈছিল জাপানৰ কানছাই আন্তৰ্জাতিক বিমানবন্দৰ। জাপানৰ ওছাকা, কিয়োটো আৰু কোবৰ দৰে ব্য়স্ত চহৰৰ একেবাৰে নিকটতম আন্তৰ্জাতিক বিমান বন্দৰেই হৈছে কানছাই বিমান বন্দৰ।
জাপানৰ ওছাকা ষ্টেচনৰ পৰা ৩৮ কিঃমিঃ দক্ষিণ-পশ্চিমত সাগৰৰ মাজত দুটাকৈ কৃত্ৰিম দ্বীপৰ ওপৰত তৈয়াৰ হৈছে কানছাই আন্তৰ্জাতিক বিমানবন্দৰ। কিন্তু যি দুটা কৃত্ৰিম দ্বীপৰ ওপৰত বিমান বন্দৰ তৈয়াৰ কৰা হৈছে সেই কৃত্ৰিম দ্বীপ দুটা ক্ৰমশ সাগৰত ডুব যাব ধৰিছে। আনকি মূল ভূখণ্ডৰ পৰাও এই দ্বীপ দুটা লাহে লাহে আঁতৰি যাব ধৰিছে। বিশেষজ্ঞসকলৰ দাবী যে, ইতিমধ্যেই কৃত্ৰিম দ্বীপৰ ৩৮ ফুটতকৈ বেছি ডুবি গৈছে। ২০৫৬ চনলৈকে আৰু ১৩ ফুট সমুদ্ৰৰ তললৈকে যাব এই দুই কৃত্ৰিম দ্বীপ।
দুটাকৈ কৃত্ৰিম দ্বীপৰ ওপৰত বিমান বন্দৰ তৈয়াৰ কৰাত খৰচ হৈছে ১৩ লাখ কোটিতকৈ আধিক ধন। কৃত্ৰিম দ্বীপ দু’টি নিৰ্মাণ কৰিবলৈ প্ৰথমে সমূদ্ৰপৃষ্ঠক ওপৰত পাঁচ ফুট উচ্চতালৈকে মাটি দিয়া হৈছিল। তাৰ ওপৰত ১৬ ইঞ্চি ব্যাসৰ ২২ লাখ পাইপ তাত গাঁঠি দিয়া হৈছে। মাটিৰ ভিতৰত পাইপ সোমোৱাই ওপৰত মাটি আৰু বালি দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ