বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক
ইংলেণ্ড দলৰ হোৱাইট বল ক্ৰিকেটৰ নতুন অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে হেৰী ব্ৰুকে। বেন ষ্ট’কছৰ সলনি ইংলেণ্ডৰ নতুন অধিনায়ক ২৬ বছৰীয়া হেৰী ব্ৰুক।
এই ক্ষেত্ৰত আৰম্ভণিতে বেন ষ্ট’কছৰ নাম বিবেচনা কৰিব বুলি বিশ্বাস কৰা হৈছিল। কিন্তু অৱশেষত ২৬ বছৰীয়া হেৰীয়ে বাজি মাৰি নিয়ে।
উল্লেখ্য যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ইংলেণ্ড দলৰ লজ্জাজনক প্ৰদৰ্শনৰ বাবে জোছ বাটলাৰে প্ৰতিযোগিতাৰ মাজভাগত দলৰ অধিনায়কত্ব ত্যাগ কৰিছিল। আফগানিস্তানৰ হাতত পৰাস্ত হৈ গ্ৰুপ পৰ্যায়তে বাহিৰ হৈছিল ইংলেণ্ড।
সেয়ে নতুন অধিনায়ক নিৰ্বাচিত হয় দলটোত। হেৰী ব্ৰুকে এতিয়ালৈকে ইংৰাজী দলটোৰ হৈ ২৬খন এদিনীয়া আৰু ৪৪খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
ইংলেণ্ডৰ এদিনীয়া আৰু টি-২০ ফৰ্মেটৰ অধিনায়কত্ব হেৰী ব্ৰুকৰ হাতত অৰ্পণ কৰা হৈছে। জোছ বাটলাৰৰ ঠাইত খেলিব ব্ৰুকে।
ইংলেণ্ডৰ হৈ এতিয়ালৈকে মুঠ ২৬খন এদিনীয়া খেল খেলিছে হেৰী ব্ৰুকে। এই সময়ছোৱাত তেওঁ গড়ে ৩৪ ৰান আৰু ১০০ ষ্ট্ৰাইক ৰেটত ৮১৬ ৰান সংগ্ৰহ কৰিছে। ব্ৰুকৰ নামত ৫০ অভাৰৰ ফৰ্মেটত এটা শতক আৰু পাঁচটা অৰ্ধশতক আছে।
একে সময়তে ব্ৰুকে ৪৪খন টি-২০ মেচত ১৪৬ ষ্ট্ৰাইক ৰেটত ৭৯৮ ৰান সংগ্ৰহ কৰিছে। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটতো চাৰিটা অৰ্ধশতক সংগ্ৰহ কৰিছে ব্ৰুকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ