হৃদৰোগত আক্ৰান্ত পত্নী৷ পত্নীৰ চিকিৎসা আৰু যত্নৰ বাবেই চেন্ট্ৰেণল ৱাৰহাউছিং কৰ্পৰেছনৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈছিল স্বামীয়ে৷ চাৰিওফালে তেওঁক লৈ প্ৰশংসাৰ বন্যা৷ চাকৰি জীৱনৰ শেষদিনটো কাৰ্যালয়ৰ সতীৰ্থ কৰ্মচাৰীয়ে আয়োজন কৰিছিল বিদায় সভাৰ৷ তাতেই অসুস্থ পত্নীক লৈ হাজিৰ হৈছিল ৰাজস্থানৰ কোটাৰ নিবাসী দেবেন্দ্ৰ ছাণ্ডেল৷ আনন্দময় পৰিবেশ৷ স্বামী আৰু স্ত্ৰী দুয়োকে ডিঙিত ফুলৰ মালা পিন্ধোৱা হৈছিল৷ গোলাপৰ পাপৰি দি সজোৱা টেবুলত ৰখা হৈছিল কেক আৰু অন্যান্য মিঠাই৷ দেবেন্দ্ৰ ছাণ্ডেলে পত্নীৰ অসুখ আছে বুলি জানিছিল যদিও সেইদিনটোৱেই তেওঁৰ পত্নীৰ সৈতে শেষ দিন বুলি কল্পনাও কৰিব পৰা নাছিল৷ অনুষ্ঠান চলি থকাৰ মাজতেই এই মৰ্মান্তিক ঘটনা ঘটিব বুলি সকলো কল্পনাৰো অগোচৰ আছিল৷
দেবেন্দ্ৰ ছাণ্ডেলৰ বিদায় সভা চলি থকাৰ ভিডিঅ’ কৰি আছিল তেওঁৰেই একাংশ সতীৰ্থই৷ বিদায় সম্ভাষণ জনাই থকাৰ মাজতেই অন কেমেৰা ঢলি পৰে তেওঁৰ পত্নী৷ আৰু সেই যে পৰিল তেওঁ আৰু উঠিব নোৱাৰিলে৷ অৰ্থাৎ অন কেমেৰাই বিদায় মাগিলে দেবেন্দ্ৰ ছাণ্ডেলৰ পত্নীয়ে৷ অনুষ্ঠানৰ মাজত স্বামীৰ কাণত এবাৰেই মাথো তেওঁ কৈ উঠিছিল, ‘মোৰ মূৰ ঘূৰাইছে৷’ লগে লগেই স্বামীয়ে তেওঁৰ মূৰত পানী দি পিঠি মালিছ কৰি আছিল৷ টেবুলৰ ওপৰতেই মূৰ থৈ শুই পৰিছিল পত্নী৷ দিশহাৰা দেবেন্দ্ৰৰে পত্নীক কেৱল সুধিছিল কি হৈছে তোমাৰ? উত্তৰ দিবলৈ তেওঁ আৰু এই পৃথিৱীত তেতিয়ালৈ জীয়াই থকাই নাছিল৷
তথ্য অনুসৰি শাস্ত্ৰী নগৰৰ দাদাবাড়ী এলেকাত স্বামী দেবেন্দ্ৰ ছাণ্ডেলৰ সৈতে থাকিছিল পত্নী টিনা৷ কিছুদিন তেওঁ অসুস্থ আছিল বাবেই পত্নীক লগ দিয়াৰ মানসেৰে চাকৰিৰ পৰা অব্যাহতি লৈছিল দেবেন্দ্ৰই৷ কিন্তু শেষ পৰিণতি খুবেই মৰ্মান্তিক৷ অৱশ্যে এতিয়া ভাইৰেল হ’লেও এই ঘটনা ৩ বছৰ আগতেই সংঘটিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ