কেৰালাৰ ৱায়নাড, হিমাচল প্ৰদেশৰ পাছতেই এইবাৰ বিপৰ্যস্ত দেৱভূমি উত্তৰাখণ্ড৷ এটাৰ পাছত আনটো দুৰ্ঘটনা এতিয়া কেদাৰনাথ, চামোলি আৰু টিহৰীত৷ বিগত কেইবাদিনো ধৰি উত্তৰাখণ্ডৰ বিভিন্ন এলেকাত অত্যধিক বৰষুণ হৈছে৷ বুধবাৰে বৰষুণৰ পৰিমান আৰু বাঢ়ি যায়৷ তাৰমাজতেই হঠাৎ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে কেদাৰনাথত৷ হঠাৎ হোৱা ডাৱৰ বিস্ফোৰণত পানীৰ ঢল নামি আহে কেদাৰনাথত৷ আৱদ্ধ হৈ পৰে বহু যাত্ৰী৷ স্থানীয় প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি বৰ্তমানলৈকে ৩জনৰ মৃত্যুৰ খবৰ নিশ্চিত হৈছে৷ এতিয়াও আৱদ্ধ হৈ আছে ২০০ ৰো অধিক তীৰ্থযাত্ৰী৷
কেৱল কেদাৰনাথতেই নহয়, হৰিদ্বাৰতো একেই ঘটনা৷ পানীৰ ঢলে উটোৱাই নিছে এটা পৰিয়াল৷ ইতিমধ্যেই ৬গৰাকী লোকক উদ্ধাৰ কৰিছে স্থানীয় প্ৰশাসনে৷ ইফালে উত্তৰাখণ্ডত চাৰধাম যাত্ৰাও অব্যাহত আছে৷ দুৰ্যোগৰ খবৰ পোৱা মাত্ৰকেই তীৰ্থযাত্ৰীসকলৰ নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাৰে বাৰে আহ্বান জনাইছে উত্তৰাখণ্ড প্ৰশাসনে৷ কেদাৰনাথৰ উদ্দেশ্যে ৰাওনা হোৱা যাত্ৰীসকলক যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে৷
বুধবাৰে সন্ধিয়া ভীমবলীত এই ঘটনা সংঘটিত হৈছে৷ ইয়াৰোপৰি বহু ৰাস্তাত হঠাৎ ভূমিস্খলন হোৱাৰ ফলত কেদাৰনাথৰ উদ্দেশ্যে যোৱা যাত্ৰী আৱদ্ধ হৈ পৰে৷ নিৰাপত্তাৰ বাবে কেদাৰনাথ যোৱা ৰাস্তা বৰ্তমান বন্ধ কৰি দিয়া হৈছে৷ হৰিদ্বাৰতো লেথাৰিকৈ হৈ থকা বৰষুণৰ ফলত প্লাৱিত হৈছে বহু অঞ্চল৷ চামোলি জিলাত এগৰাকী মহিলা আৰু শিশু নিখোজ হোৱা বুলি জনাইছে স্থানীয় প্ৰশাসনে৷ মন্দাকিনি নদীৰ জলস্তৰো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ বিভিন্ন স্থান বুৰাই পেলাইছে গংগাৰ পানীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ