শ্বুটিং ৰেঞ্জত স্বপ্নীল কুছালে ভাৰতৰ হৈ তৃতীয়টো পদক নিশ্চিত কৰিলে পেৰিছ অলিম্পিকত৷ সাধাৰণ পৰিয়ালৰ পৰা আহি বিশ্বৰ মঞ্চত উজলি উঠিছে স্বপ্নীল৷ ১৯৯৫ চনৰ ৬ আগষ্টত মহাৰাষ্ট্ৰৰ কোলাপুৰৰ এখন গাওণ কম্বলোৱাৰিত জন্ম স্বপ্নীলৰ৷ পিতৃ এগৰাকী শিক্ষক৷ মাতৃ গাওঁপ্ৰধান৷ সৰুৰে পৰাই টাৰ্গেট ভাল আছিল স্বপ্নীলৰ৷ সেয়ে পিতৃয়ে স্বপ্নীলক এখন শ্বুটিং স্কুলত এডমিছন দিয়াই৷ সৰুৰে পৰাই এখনৰ পাছত আনখন প্ৰতিযোগীতাত জয়ী হৈ আহিছে স্বপ্নীল৷ ২০১৫ চনত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৫০ মিটাৰ ৰাইফল প্ৰোনৰ ৩প্ৰতিযোগীতাত সোন জিকিছে স্বপ্নীলে৷ জাতীয় শ্বুটিং প্ৰতিযোগীতাত দুবাৰৰ চেম্পিয়ন স্বপ্নীলক লৈ এইবাৰ দেশৰ প্ৰায়সংখ্যকেই আশা কৰিছিল অলিম্পিকত পদক আনিবই৷ সেই আশা তেওঁ পূৰণো কৰিলে৷
সৰুৰে পৰা ক্ৰিকেটাৰ ধোনীৰ ভক্ত স্বপ্নীল৷ এক সাক্ষাৎকাৰত ভাৰতীয় শ্বুটাৰগৰাকীয়ে কয়, ‘মই শ্বুটিং জগতৰ কাকোৱেই আদৰ্শ বুলি নলও৷ মোৰ সকলোসময়ৰে আদৰ্শ মহেন্দ্ৰ সিং ধোনী৷ মোৰ কাহানিও তেওঁৰ সৈতে দেখা হোৱা নাই৷ কিন্তু তেওঁক অনুসৰণ কৰি বহু কথা শিকিছো৷ তেওঁ যেনেকৈ শান্ত মগজুৰে থাকে মই শ্বুটিং ৰেঞ্জত নিজৰ মগজু শান্ত ৰাখো৷ তেতিয়া লক্ষ্যপূৰণ সহজ হয়৷ তেওঁৱো এদিন টিকট কালেক্টৰ আছিল ময়ো সেই চাকৰি কৰো৷’
২০১৫ চনৰ পৰা ৰে’লৰ টিকট কালেক্টৰৰ চাকৰি কৰি আছে স্বপ্নীলে৷ তাৰ মাজতেই নিজৰ শ্বুটিং অনুশীলনো চলাই গৈছে৷ এই প্ৰথম ৫০ মিটাৰ ৰাইফলত থ্ৰি পজিছনত ভাৰতৰ কোনো শ্বুটাৰে পদক অৰ্জন কৰিছে৷ ফাইনেলৰ আৰম্ভণিতে খুব এটা ভাল ফল দেখুওৱা নাছিল যদিও পাছলৈ তেওঁ আগবাঢ়ে৷ প্ৰথম ছিৰিজত ৫০.৮ স্কোৰ কৰে তেওঁ৷ তাৰ পাছৰ স্কোৰত আৰু অলপ অগ্ৰগতি কৰে৷ ৫০.৯ কৰে দ্বিতীয় ছিৰিজত৷ তৃতীয় ছিৰিজত তেওঁ আগুৱাই ৫১.৬ স্কোৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ